নিউজ ডেস্ক , ২৮ জানুৱাৰী : গণতন্ত্ৰ দিৱসৰ আনুষ্ঠানিক সমাপ্তিৰ প্ৰতি লক্ষ্য়ৰাখি প্ৰতি বছৰে ২৯ জানুৱাৰীত বিজয় চকত ভাৰতীয় সেনাৰ পৰম্পৰাগত বিটিং ৰিট্ৰিট অনুষ্ঠানৰ আয়োজন কৰা হয় । এইবছৰো বিভিন্ন কাৰ্যসূচীৰে আয়োজন কৰা হব এই অনুষ্ঠান । এইবছৰ বিটিং ৰিট্ৰিত অনুষ্ঠানত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ ১৯৭১ চনৰ বিজয়ৰ ৫০ বছৰৰ স্মৃতিত এক বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব । ২৯ জানুৱাৰীত বিজয় চকৰ অনুষ্ঠানত 'স্বৰ্নিম বিজয়' শীৰ্ষক এই বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হব । দ্ৰুত যাত্ৰাৰ সময়ত লেফটেনেণ্ট কৰ্ণেল বিমল যোশী আৰু হাবিলদাৰ জীৱন ৰাচাইলিৰ নেতৃত্বত এই কাৰ্যসূচী ৰূপায়ণ কৰিব ।
ইয়াৰ লগতে এই বছৰ কেইবাটাও নতুন কাৰ্যসূচী অন্তৰ্ভুক্ত কৰা হৈছে । তাৰ ভিতৰত বায়ু সেনাৰ বেণ্ডত থাকিব তিৰঙ্গা সেনানী আৰু নিদা যোদ্ধা, নৌসেনাৰ বেণ্ডত থাকিব ভাৰত বন্দনা , আৰ্মী মিল বেণ্ডত থাকিব গৰুড় প্ৰহাৰ আৰু সম্বোধন ইকো আৰু মেছড বেণ্ডত থাকিব ভাৰত কে জৱান ।