অসম

assam

ETV Bharat / bharat

ছত্তিশগড়ত উদ্ধাৰ 4 কিলোগ্ৰাম ওজনৰ আই.ই.ডি

মুৰ্কিনাৰ পৰা প্ৰায় 2 কিলোমিটাৰ দুৰত থকা পুসগুৰীত আই.ই.ডি সংস্থাপন নক্সালৰ ৷ আৰ.অ’.পিৰ কৰ্তব্য়ত থকা সেনা জোৱান সকলক আক্ৰমণৰ উদ্দেশ্য়ে নক্সালে সংস্থাপন কৰিছিল আই.ই.ডিটো ৷

bds team deactivates ied planted by naxalites near awapali in bijapur
ছত্তিশগড়ত 4 কিলোগ্ৰাম ওজনৰ আই.ই.ডি উদ্ধাৰ

By

Published : Oct 27, 2020, 2:31 PM IST

নেশ্য়নেলডেস্ক,27 অক্টোবৰ: ছত্তিশগড়ৰ বিজাপুৰ জিলাত নক্সালৰ দ্ৱাৰা নিক্ষেপিত 4 কিলোগ্ৰাম ওজনৰ আই.ই.ডি উদ্ধাৰ ৷ বোমা বিশেষজ্ঞৰ দলে নিষ্কাশন কৰে আই.ই.ডিটো ৷ নক্সালৰ সদস্য় কেইজনে মুৰ্কিনাৰ পৰা প্ৰায় 2 কিলোমিটাৰ দুৰত থকা পুসগুৰীত আই.ই.ডিটো সংস্থাপন কৰে ৷ আৰক্ষীক দেখাৰ লগে লগে পলাই যায় ৷পাছত আই.ই.ডিটো বোমা বিশেষজ্ঞৰ দলে নিষ্কাশন কৰে ৷

মুৰ্কিনাৰ পৰা ঔৱাপল্লীলৈ কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ (আৰ.অ’.পি) ৰ কৰ্তব্য়ত থকা সেনা জোৱান সকলক আক্ৰমণৰ উদ্দেশ্য়ে নক্সালে আই.ই.ডিটো সংস্থাপন কৰিছিল ৷ কিন্তু কটকটীয়া নিৰাপত্তাৰ বাবে তেওঁলোকৰ উদ্দেশ্য় সফল নহ'ল ৷ তাৰ পাছত এটা বেগত "টিফিন বোম" বনাই এৰি থৈ যায় ৷ বোমা বিশেষজ্ঞৰ দলে জনোৱা মতে, আই.ই.ডিটোৰ লগতে 2 কিলোগ্ৰাম ওজনৰ টিফিন বোম আৰু এটা পাইপ বোম উদ্ধাৰ কৰে ৷

লগতে পঢ়ক:উত্তৰ প্ৰদেশ বিধানসভা উপ-নিৰ্বাচনত সমাজবাদী পাৰ্টীৰ প্ৰাৰ্থীৰ নাম ঘোষণা

ABOUT THE AUTHOR

...view details