স্প’ৰ্টচ ডেস্ক, 2 ডিচেম্বৰ :বিচিচিআইৰসভাপতি তথা ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীক চিকিৎসালয়ত ভৰ্তি ৷ কলকাতাৰ উডলেণ্ড হাস্পতালত ভৰ্তি কৰোৱা হৈছে প্ৰাক্তন ক্ৰিকেটৰ গৰাকীক ৷ গাংগুলীয়ে হৃৎযন্ত্ৰৰ সমস্যাত ভোগা বুলি জানিব পৰা গৈছে ৷ শাৰীৰিক ব্যায়াম কৰি থকাৰ মাজতে হটাৎ অসুস্থ হৈ পৰা ক্ৰিকেটাৰ গৰাকীক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় উডলেণ্ড হাস্পতালত ৷
বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীক 24 ঘন্টাৰ বাবে চিকিৎসকে নিৰীক্ষণত ৰাখিব ৷ ইতিমধ্যে তেওঁৰ এনজিঅ’প্লাষ্টি সম্পন্ন কৰা হৈছে বুলি জানিবলৈ দিছে উডলেণ্ড হাস্পতালৰ চিকিৎসক ডা৹ আফটাব খানে ৷ তেওঁ কয় যে, সৌৰভ গাংগুলীৰ এনজিঅ’প্লাষ্টি সম্পন্ন কৰা হৈছে, তেওঁৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ ৷ কিন্তু অদিক নিৰীক্ষণৰ বাবে তেওঁক 24 ঘন্টাৰ বাবে হাস্পতালত ৰখা হ’ব ৷ গাংগুলীৰ হৃৎপৃণ্ডত দুটা ব্লক পোৱা গৈছে আৰু ইতিমধ্যে তেওঁক চিকিৎসা সেৱা আগবঢ়োৱা হৈছে ৷