অসম

assam

ETV Bharat / bharat

COVID-19 ৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি দিল্লীবাসীৰ - মোডী

দেওবাৰে প্ৰধানমন্ত্ৰীৰ ৯ বজাত ৯ মিনিটৰ ঘৰৰ লাইট বন্ধ কৰা আহ্বানক সঁহাৰি জনায় দিল্লীবাসীয়ে । COVID-19 ৰ বিৰুদ্ধে সকলোকে একত্ৰিত হৈ যুঁজিবলৈ এই আহ্বান কৰিছিল প্ৰধানমন্ত্ৰী মোডীয়ে ।

কোভিড-১৯ ৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি দিল্লীবাসীৰ
কোভিড-১৯ ৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি দিল্লীবাসীৰ

By

Published : Apr 6, 2020, 10:22 AM IST

নিউজডেস্ক, ৬ এপ্ৰিলঃ দেশৰ ৰাজধানী চহৰত দেওবাৰে প্ৰধানমন্ত্ৰীৰ আহ্বানক সঁহাৰি জনোৱা পৰিলক্ষিত হয় দিল্লীবাসীয়ে । নিশা ৯ বজাত ৯ মিনিটৰ বাবে ঘৰৰ লাইট বন্ধ কৰি চাকি, ম'মবাতি, টৰ্জ লাইট, অথবা ম'বাইলৰ ফ্লেছ লাইট জ্বলাবলৈ আহ্বান কৰিছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে । COVID-19 ৰ বিৰুদ্ধে একত্ৰিত হৈ যুঁজিবলৈয়ে এই আহ্বান আছিল মোডীৰ ।

মোডীৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনায় চাকি, ম'মবাতি, টৰ্জ লাইট, অথবা ম'বাইলৰ ফ্লেছ লাইট প্ৰদৰ্শন কৰে লোকসকলে । বহুতে কাঁহি বাটি, হুচেইল, হিন্দী গান, ভক্তিমূলক গীতৰ লগতে মন্ত্ৰ, ৰাষ্ট্ৰীয় গীত গোৱাও দেখা পোৱা যায় । চাউথ দিল্লীৰ লাজপথ নগৰত হম হংগে কামিয়াব হিন্দী গান বজোৱা হয় । ইয়াৰে দাঁতী কাষৰীয়া কৈলাশ হিল্ছত লাউডস্পীকাৰত ঔম চান্ট বজোৱা হয় । আনহাতে কোনো কোনো ঠাইত আকাশবন্তীও উৰুৱা পৰিলক্ষিত হয় । সকলোৱে ৯ মিনিটৰ শেষ হোৱাৰ আগয়ে হাত চাপৰিৰে এই কাৰ্যৰ অন্ত পেলায় । এই সময় চোৱাত দিল্লীত বিদ্যুতৰ খৰচৰ হেঁচা ৭২৬ মেগাৱাটলৈ হ্ৰাস হৈছিল বুলি জনায় বিএছইএছে ।

কৰ'ণা ভাইৰাছে মানৱতা, ভাতৃত্ববোধ, ভাৰতৰ ইউএছপিক পৰাভূত কৰিব নোৱাৰে । চাকি, ম'মবাতি এইবাৰো আমাৰ চিকিৎসক, নাৰ্ছ, পেৰামেডিক ষ্টাফ, চেনিটেশ্বন কৰ্মী, আৰক্ষী বিষয়াৰ বাবে । তেওঁলোকক আমাৰ চেল্য়ুট বুলি উল্লেখ কৰে এজন লোকে ।

আনহাতে দিল্লীৰ উপৰাজ্যপাল অনিল বেইজলো নিজৰ বাসগৃহৰ সকলো লাইট অফ কৰি মোডীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনায় । এই কাৰ্যই ভাইৰাছৰ প্ৰতি যুঁজিবলৈ মানুহক উৎসাহিত কৰিব বুলি উল্লেখ কৰে । টুইটাৰত এই কাৰ্যই চিকিৎসক পেৰামিডিকেল ষ্টাফৰ লগতে সকলো লোকক মনোবল দিব বুলি উল্লেখ কৰে উপৰাজ্যপালগৰাকীয়ে । দিল্লীত বৰ্তমান এই ভাইৰাছত চৰকাৰী তথ্য অনুসৰি ৫০৩ জন আক্ৰান্ত হোৱাৰ বিপৰীতে ৭ জন লোকৰ মৃত্যু হৈছে ।

লগতে পঢ়ক- 24 ঘন্টাই "জনহিত জনসেৱাৰ্থে"

ABOUT THE AUTHOR

...view details