অসম

assam

ETV Bharat / bharat

গণতন্ত্ৰ দিৱসত প্ৰদৰ্শিত হ’ব বাংলাদেশত নিৰ্মিত BD-08 বন্দুক - সামৰিক আত্মনিৰ্ভৰশীলতা

যদিও বাংলাদেশ সেনা অন্যান্য দেশৰ সেনাবাহিনীৰ তুলনাত নাহে তথাপিও দেশখনে সামৰিক শক্তিৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা অৰ্জন কৰিছে ৷ ভাৰতৰ দৰে দেশে বাংলাদেশৰ সামৰিক আত্মনিৰ্ভৰশীলতাক প্ৰসংশা কৰিছে ৷ জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ কুমাৰ বৰুৱাৰ এক প্ৰতিবেদন ৷

গণতন্ত্ৰ দিৱসত প্ৰদৰ্শিত হ’ব বাংলাদেশৰ ঘৰুৱা বন্দুক BD-08
গণতন্ত্ৰ দিৱসত প্ৰদৰ্শিত হ’ব বাংলাদেশৰ ঘৰুৱা বন্দুক BD-08

By

Published : Jan 23, 2021, 4:17 PM IST

Updated : Jan 23, 2021, 5:15 PM IST

নিউজ ডেস্ক, 23 জানুৱাৰী : যদিও ষ্টীলৰ দ্বাৰা নিৰ্মিত তৰোৱালৰ এক গৌৰৱপূৰ্ণ ইতিহাস আছিল তথাপিও ভাল অস্ত্ৰ নিৰ্মাণকে ধৰি বহুক্ষেত্ৰত বাংলাদেশৰ অৰিহণা নজনাকৈ থাকি গৈছে ৷ দক্ষিণ এছিয়াৰ ভাৰত আৰু পাকিস্তানৰ দৰে শক্তি যাৰ সামৰিক বাহিনী মানৱ আৰু সম্পদৰ ক্ষেত্ৰত সদায়ে আগস্থানত থাকে, তথাপি বাংলাদেশে নিজৰ স্থলসেনাৰ বাবে ঘৰুৱাভাৱে প্ৰস্তুত কৰি তোলা BD-08 assault rifle হৈছে দেশখনৰ এক অন্যতম সফলতা ৷

আৰু চলিত বৰ্ষৰ ভাৰতৰ গণতন্ত্ৰ দিৱসত অংশগ্ৰহণ কৰিবলগীয়া বাংলাদেশ সশস্ত্ৰ বাহিনীৰ দলটোৱে ৰাজপথত গৌৰৱেৰে কঢ়িয়াব তেওঁলোকৰ BD-08 assault rifle, যাক ইতিমধ্যেই সেৱাত সংযোজন কৰিছে দেশখনে ৷

গণতন্ত্ৰ দিৱসত প্ৰদৰ্শিত হ’ব বাংলাদেশৰ ঘৰুৱা বন্দুক BD-08

122 জনীয়া সৈনিকযুক্ত বাংলাদেশ সশস্ত্ৰ বাহিনীৰ দলটোৱে পাকিস্তানৰ পৰা বাংলাদেশৰ জন্মৰ 50 বৰ্ষপূৰ্তি উপলক্ষে চলিত বৰ্ষৰ গণতন্ত্ৰ দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিব ৷ ঢাকাৰ পৰা এখন C-17 বিমানযোগে ইতিমধ্যেই ভাৰতত উপস্থিত হৈছে বাংলাদেশ সশস্ত্ৰ বাহিনীৰ দলটো ৷

বাংলাদেশৰ Ordnance Factoryৰ দ্বাৰা নিৰ্মিত BD-08 আক্ৰমণকাৰী ৰাইফলটো চীনৰ Type 81 আক্ৰমণকাৰী ৰাইফলৰ সৈতে তুলনা কৰিব পাৰি ৷ অৱশ্যে চীনৰ Type 81 ৰাইফলৰ তুলনাত ই অধিক শক্তিশালী আৰু ইয়ে বাংলাদেশ মিলিটাৰীয়ে ব্যৱহাৰ কৰা পুৰনি .303, চীনৰ Type 56 আৰু Type 63 ৰাইফলক সেৱাৰ পৰা অব্যাহতি দিয়ে ৷

বাংলাদেশৰ Ordnance Factory চীনৰ সহায়ত 1969-70 বৰ্ষত ঢাকাৰ পৰা অলপ নিলগত স্থাপন কৰা হৈছে ৷ বৰ্তমানে বাংলাদেশ স্থলসেনাৰ এগৰাকী মেজৰ জেনেৰেলৰ দ্বাৰা নিয়ন্ত্ৰিত উদ্যোগটোৰ মুখ্য কাম হৈছে BD-08 ৰাইফল উৎপাদন কৰা ৷

2004 চনৰ পৰাই বাংলাদেশৰ সামৰিক বাহিনীৰ বাবে মুখ্য অস্ত্ৰৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল ৷ মাত্ৰ চাৰিবছৰৰ ভিতৰতে বাংলাদেশে ইয়াৰ সকলো প্ৰয়োজন পুৰণ কৰিব পৰাকৈ BD-08 ৰাইফল প্ৰস্তুত কৰি উলিয়াইছিল আৰু ইয়াৰ উৎপাদন আৰম্ভ কৰিছিল ৷

4.5 কিলোগ্ৰাম ওজনৰ 9.55 এমএম বেৰেলৰ সৈতে BD-08 ৰাইফলৰ আপেক্ষিক লক্ষ্যভেদী দুৰত্ব হৈছে 500 মিটাৰ ৷ 7.62x39mmৰ কাৰ্টিজ ইয়াত ব্যৱহাৰ কৰা হয় আৰু প্ৰতিমিনিটত ই 720 জাঁই গুলিয়াবলৈ সক্ষম ৷ এই ক্ষমতাৰ সৈতে বাংলাদেশৰ BD-08 ৰাইফলক AK-47ৰ সমপৰ্যায়ৰ ৰাইফল আখ্যা দিব পাৰি ৷ যেতিয়া ভাৰতীয় ব্যৱস্থাত চোৱা হয় তেতিয়া, BD-08 ৰাইফলৰ সফলতা অধিক ৰূপত স্পষ্ট হৈ পৰে ৷

.303 আৰু Self-Loading Rifles (SLRs)ৰ পিচত ভাৰতে বহুলহাৰে ব্যৱহাৰ কৰিছিল স্বদেশীভাৱে নিৰ্মিত 5.56x45 mmৰ INSAS ৰাইফল ৷ স্থানীয়ভাৱে নিৰ্মাণ হ’বলগীয়া ৰাছিয়াৰ AK 203 (7.62x39mm) ৰাইফলৰ চুক্তি এতিয়াও স্বাক্ষৰ হ’বলৈ বাকী আছে আৰু এনে অৱস্থাত ভাৰতীয় স্থলসেনাই জৰুৰীকালীনভাৱে আমেৰিকাৰ পৰা ক্ৰয় কৰিছিল Sig Sauerৰ 145,000 টা SIG716 ৰাইফল ৷

পাকিস্তান সামৰিক বাহিনীয়েও এতিয়ালৈকে স্থানীয়ভাৱে প্ৰস্তুত কৰা আক্ৰমণকাৰী বন্দুক উৎপাদন কৰিবলৈ সক্ষম হোৱা নাই ৷ বৰ্তমানে পাকিস্তানৰ সামৰিক বাহিনীয়ে জাৰ্মান আৰু চীনত নিৰ্মিত HK G3 আৰু Type 56ৰ মিশ্ৰিত ৰাইফল ব্যৱহাৰ কৰি আহিছে ৷

লগতে পঢ়ক :ইটিভি ভাৰত exclusive : ৰাজপথত অনুশীলনত ব্যস্ত বাংলাদেশ সেনাৰ প্ৰতিনিধি দল

Last Updated : Jan 23, 2021, 5:15 PM IST

ABOUT THE AUTHOR

...view details