নিউজ ডেস্ক, 22 এপ্ৰিলঃ কলিকতাত এক সংবাদমেল সম্বোধন কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে ৷ সোমবাৰে সংবাদমেলৰ আয়োজন কৰি বিজেপিৰ নিৰ্বাচনী স্থিতি স্পষ্ট কৰি দিয়াৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীকে ধৰি বহুকেইটা বিষয়ৰ ওপৰত মন্তব্য কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে ৷
বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰিবলৈ সাজু বিজেপি চৰকাৰ - নাগৰিকত্ব সংশোধনী বিধেয়ক
Amit Shah Breaking
2019-04-22 14:23:50
কলিকতাত এক সংবাদমেল আয়োজন কৰি নাগৰিকত্ব সংশোধনী বিধেয়ককে ধৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী, অনুচ্ছেদ 370 আদি বিষয়ৰ ওপৰত দলৰ স্পষ্ট স্থিতি কৰে বিজেপি ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে ৷
সংবাদমেলত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে বাংলাদেশীয়ে ভাৰতীয় নাগৰিকত্ব পাব বুলি বিস্ফোৰক মন্তব্য আগবঢ়ায় ৷ তেঁও কয় যে, দলে নিৰ্বাচনী ইস্তাহাৰ দিয়া প্ৰতিশ্ৰুতি অনুসৰি বাংলাদেশৰ পৰা অহা হিন্দু বৌদ্ধ, শিখ, জৈন অথবা খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকক ভাৰতত স্থায়ী নাগৰিকত্ব প্ৰদান কৰা হ'ব ৷ দেশৰ সকলো ৰাজ্যতে শীঘ্ৰেই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম আৰম্ভ কৰা হ'ব বুলিও দোহাৰে অমিত শ্বাহে ৷
2019-04-22 12:52:45
পশ্চিমবংগৰ ৰাজধানী কলিকতাত এক সংবাদমেলত এই মন্তব্য কৰিছে দলটোৰ ৰাষ্ট্ৰীয় সভাপতিয়ে ৷
- কলিকতাৰ সংবাদমেলত অমিত শ্বাহৰ বিস্ফোৰক মন্তব্য ৷
- বাংলাদেশীয়ে লাভ কৰিব ভাৰতীয় নাগৰিকত্ব ৷
- বাংলাদেশৰ পৰা অহা হিন্দু বৌদ্ধ, শিখ, জৈন অথবা খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকক ভাৰতত নাগৰিকত্ব প্ৰদান কৰা হ'ব ৷
- নিৰ্বাচনী ইস্তাহাৰত দিয়া প্ৰতিশ্ৰুতি অনুসৰিয়ে এইসকল লোকক প্ৰদান কৰা হ'ব ভাৰতীয় নাগৰিকত্ব ৷
- দেশৰ সকলো ৰাজ্যতে শীঘ্ৰেই আৰম্ভ হ'ব ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কামঃ অমিত শ্বাহ ৷
- নিৰ্বাচনী ইস্তাহাৰত দিয়া সকলো প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিব বিজেপিয়ে ৷