অসম

assam

ETV Bharat / bharat

বি এছ এফৰ জোৱানক আক্ৰমণ বাংলাদেশী দুৰ্বৃত্তৰ - DWIKI PRIMARY HEALTH CENTRE MEGHALAYA

ৰংটিলা সীমান্ত পহৰাচকীৰ সমীপত দুজন বি এছ এফ জোৱানক আগুৰি ধৰে প্ৰায় 10-15 জনীয়া বাংলাদেশী দুৰ্বৃত্তৰ দলটোৱে ৷ জোৱান দুজনক আক্ৰমণ কৰি তেওঁলোকৰ পৰা বন্দুক দুটা কাঢ়ি লয় ৷ পশ্চিম জয়ন্তীয়া জিলাৰ আৰক্ষী অধীক্ষক লাকডৰ চিমে জনোৱা মতে এই ঘটনাত এজন জোৱান আহত হয় ৷ দুৰ্বৃত্তই কাঢ়ি লোৱা বন্দুক দুটা পৰৱৰ্তী সময়ত কাষৰ জংঘলত উদ্ধাৰ কৰে আৰক্ষীয়ে ৷

বি এছ এফৰ জোৱানক আক্ৰমণ বাংলাদেশী দুৰ্বৃত্তৰ
বি এছ এফৰ জোৱানক আক্ৰমণ বাংলাদেশী দুৰ্বৃত্তৰ

By

Published : Jan 9, 2020, 2:30 PM IST

নিউজ ডেস্ক,9 জানুৱাৰী : ভাৰত-বাংলা সীমান্তত বি এছ এফৰ জোৱানক আক্ৰমণ বাংলাদেশী দুৰ্বৃত্তৰ ৷ বুধবাৰে নিশা প্ৰায় 12.30 মান বজাত বি এছ এফৰ এটা সীমান্ত পহৰা চকীত এটা বাংলাদেশী দুৰ্বৃত্তৰ দলে আক্ৰমণ চলায় দুজন জোৱানৰ পৰা অস্ত্ৰ কাঢ়ি লয় ৷ আন এটা দুৰ্বৃত্তৰ দলে সীমান্তৰ এটা পৰিয়ালৰ পৰা ধনৰ লগতে কিছু পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ চুৰি কৰি নিয়ে বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ৷ মেঘালয়ৰ ভাৰত-বাংলা সীমান্তৰ পৰা 5 কিলোমিটাৰ দূৰত অৱস্থিত আমদহ আৰু ৰংটিলা অঞ্চলত সংঘটিত হৈছে এই ঘটনা ৷

ভাৰত-বাংলা সীমান্তত বি এছ এফৰ পহৰাদাৰী দলৰ তহল

ৰংটিলা সীমান্ত পহৰাচকীৰ সমীপত দুজন বি এছ এফ জোৱানক আগুৰি ধৰে প্ৰায় 10-15 জনীয়া বাংলাদেশী দুৰ্বৃত্তৰ দলটোৱে ৷ জোৱান দুজনক আক্ৰমণ কৰি তেওঁলোকৰ পৰা বন্দুক দুটা কাঢ়ি লয় ৷ পশ্চিম জয়ন্তীয়া জিলাৰ আৰক্ষী অধীক্ষক লাকডৰ চিমে জনোৱা মতে এই ঘটনাত এজন জোৱান আহত হয় ৷ দুৰ্বৃত্তই কাঢ়ি লোৱা বন্দুক দুটা পৰৱৰ্তী সময়ত কাষৰ জংঘলত উদ্ধাৰ কৰে আৰক্ষীয়ে ৷

ভাৰত বাংলাদেশ সীমান্তক দুভাগ কৰিছে এই পাহাৰীয়া খৰস্ৰোতা নৈখনে

আনহাতে,বাংলাদেশী দুৰ্বৃত্তৰ আন এটা দলে আমদহ গাঁৱৰ প্ৰতাপ বাৰেহ নামৰ লোকজনৰ ঘৰত বলপূৰ্বক প্ৰৱেশ কৰি নগদ ধন,ম'বাইলৰ লগতে লুটি লৈ যায় এটা এছ বি বি এল বন্দুক ৷ প্ৰতাপ বাৰেহে আত্মৰক্ষাৰ বাবে এজাঁই গুলী ফুটাই যদিও দুৰ্বৃত্তই তেওঁৰ পৰা বন্দুক কাঢ়ি লৈ আক্ৰমণ কৰে ৷ আৰক্ষী অধীক্ষক চিমে জনোৱা মতে,আহত বি এছ এফ জোৱানজন আৰু প্ৰতাপ বাৰেহক ততাতৈয়াকৈডাউকী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰোৱা হয় ৷

ভাৰত বাংলাদেশ ডাউকি সীমান্তৰ এখন ছবি

আৰক্ষী উপ মহাপৰিদৰ্শকৰ লগতে জিলা আৰক্ষী আয়ুক্ত আৰু বি এছ এফৰ উচ্চপদস্থ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈ সামগ্ৰিক পৰিস্থিতি সম্বন্ধে বুজ লয় ৷ ভাৰতৰ বি এছ এফৰ দলে কিছুদিন পূৰ্বে বাংলাদেশ সীমান্তৰক্ষী বাহিনীৰ সৈতে হোৱা এখন বৈঠকত বাংলাদেশী দুৰ্বৃত্তৰ সন্দৰ্ভত প্ৰতিবাদ জনাইছিল ৷ বাংলাদেশৰ সীমান্ত সুৰক্ষা বাহিনীয়ে কোনো দুৰ্বৃত্তই আন্তঃৰাষ্ট্ৰীয় সীমাত প্ৰৱেশ কৰি আইন-শৃংখলা জনিত পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰাকৈ পহৰাৰ ব্যৱস্থা কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ কথা উল্লেখ কৰে এগৰাকী বি এছ এফৰ বিষয়াই ৷ যোৱা সপ্তাহতো ভাৰতীয় সীমাৰ প্ৰায় দহ কিলোমিটাৰ ভিতৰত সন্দেহযুক্ত বাংলাদেশী দুৰ্বৃত্তৰ এটা দলে এখন বাহনত আক্ৰমণ চলায় গৰাকীৰ পৰা ধন আৰু ম'বাইল লুটি নিয়াৰ ঘটনা সংঘটিত হৈছিল ৷ বি এছ এফ জোৱান আৰু গাঁওবাসীক আক্ৰমণ কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা জনায় বি এছ এফ বিষয়াগৰাকীয়ে ৷

লগতে চাওকঃআমেৰিকা ইৰাণৰ মাজত যুদ্ধঃ কাৰ শক্তি কিমান !

ABOUT THE AUTHOR

...view details