অসম

assam

চাৰিদিনীয়া ভ্ৰমণসূচীৰে নতুন দিল্লীত বাংলাদেশৰ প্ৰধানমন্ত্ৰী

By

Published : Oct 3, 2019, 1:26 PM IST

দ্বি-পাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ উদ্যেশেৰে চাৰিদিনীয়া কাৰ্যসূচীৰে ভাৰতত উপস্থিত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা ৷ দুয়োখন দেশৰ মাজত সংযোগ,সংস্কৃতি,প্ৰযুক্তি,সহাৱস্থান, বাণিজ্য-বিনিয়োগৰ লগতে ৰোহিংগীয়া আৰু তিস্তা নদীৰ পানী বিতৰণ সম্পৰ্কে আলোচনা হোৱাৰ সম্ভাৱনা ৷

নতুন দিল্লীত উপস্থিত শ্বেখ হাছিনা

নিউজ ডেক্স , 3 অক্টোবৰঃ দুয়োখন দেশৰ মাজত ভৱিষ্যতে এক শক্তিশালী আৰু সুস্থিৰ সম্পৰ্ক গঢ়াৰ লক্ষ্যৰে চাৰিদিনীয়া ভ্ৰমণ সূচীৰে বৃহস্পতিবাৰে নতুন দিল্লীত উপস্থিত হয় বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে তেখেতৰ প্ৰথম কাৰ্যসূচী হিচাপে বৃহস্পতিবাৰে "ৱৰ্ল্ড ইকনমিক ফৰামে" আয়োজন কৰা "ইণ্ডিয়া ইকনমিক ছামিট"ত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৷ ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক সাক্ষাৎ কৰাৰ উপৰিও আৰু অহা 5 অক্টোবৰ তাৰিখে দেশ দুখনৰ দি পাক্ষিক সম্পৰ্কৰ বিষয়ে আলোচনা কৰিবলৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক , সাক্ষাৎ কৰিব চুবুৰীয়া দেশখনৰ প্ৰধান মন্ত্ৰীগৰাকীয়ে ৷ উল্লেখযোগ্য যে, দুয়োখন দেশৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পাছত বাংলাদেশৰ প্ৰধান মন্ত্ৰীগৰাকীৰ এইটো প্ৰথম ভাৰতবৰ্ষ ভ্ৰমণৰ কাৰ্যসূচী ৷ বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এক বিবৃতি মতে দুয়োখন দেশৰ মাজত ভালেমান চুক্তি বিনিময় হোৱাৰ উপৰিও দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীয়ে ভিডিঅ লিংকৰ জৰিয়তে তিনিটাকৈ যুগ্ম দ্বি-পাক্ষিক প্ৰকল্প মুকলি কৰিব ৷ যোৱা 27 ছেপ্টেম্বৰ তাৰিখে দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে নিউয়ৰ্কত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ 73 তম অধিবেশনত সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ নীতিৰ কথা দোহাৰিছিল আৰু নিৰাপত্তাৰ ক্ষেত্ৰত কৰা শক্তিশালী মৈত্ৰীয়ে দুয়োখন দেশৰ মাজত বিশ্বাস আৰু বুজা-পৰাৰ পৰিবেশৰ সৃষ্টি কৰা বুলিও উল্লেখ কৰিছিল ৷ বাংলাদেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ কাৰ্যসূচীত দুয়োখন দেশে ৰোহিঙ্গীয়া আৰু তিস্তা নদীৰ পানী বিতৰণ সম্পৰ্কেও আলোচনা কৰাৰ সম্ভাৱনা আছে ৷ ঢাকা ট্ৰিবিউন কাকতত প্ৰকাশিত বাংলাদেশৰ উচ্চায়ুক্ত ছৈয়দ মুৱাজ্জেম আলিৰ বক্তব্য অনুসৰি, দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীৰ মাজত অক্টোবৰৰ 5 তাৰিখে হ'বলগীয়া সংযোগ,সংস্কৃতি,প্ৰযুক্তি সহাৱস্থান, বাণিজ্য-বিনিয়োগৰ সন্দৰ্ভত ভালেমান বুজা-পৰাৰ চুক্তি স্বাক্ষৰিত হ'ব ৷ উচ্চায়ুক্তজনৰ মন্তব্য অনুসৰি প্ৰধানমন্ত্ৰীগৰীকীৰ ভ্ৰমণকালত কমেও 10 খন বুজা বুজিৰ চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে ৷ প্ৰধানমন্ত্ৰীগৰীকী ভাৰতৰ বিনিয়োগকাৰী সকলৰ পৰা বাংলাদেশত আৰু অধিক বিনিয়োগ আশা কৰাৰ কথাও দোহাৰে উচ্চায়ুক্তজনে ৷

ABOUT THE AUTHOR

...view details