অসম

assam

ETV Bharat / bharat

বন্ধ বাংলাদেশ সীমান্ত, আবদ্ধ ভাৰতীয় ছাত্ৰ-ছাত্ৰী - Indian Students Must Return To Hostels : Officials High Commission in Dhaka in touch with Indians - Foreign Secretary

বাংলাদেশ সীমান্ত বন্ধ থাকিব, ভাৰতীয় শিক্ষাৰ্থীসকল হোষ্টেললৈ উভতিব লাগিবঃ ঢাকাস্থিত উচ্চায়ুক্তই ভাৰতীয়সকল আৰু বৈদেশিক সচিবৰ সৈতে অব্যাহত ৰাখিছে যোগাযোগ

Indian Students Must Return To Hostels
বন্ধ বাংলাদেশ সীমান্ত, আবদ্ধ ভাৰতীয় ছাত্ৰ-ছাত্ৰী

By

Published : Mar 29, 2020, 11:56 AM IST

কাশ্মীৰৰ শিক্ষাৰ্থীসকলে বাংলাদেশ সীমান্তৰে ভাৰতলৈ প্ৰৱেশ কৰাৰ বাবে অনুমতি বিচাৰি গৃহ আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ক কৰা অনুৰোধৰ ভিডিঅ’ প্ৰচাৰ হোৱাৰ পাছতে সূত্ৰই দাবী কৰা অনুসৰি শিক্ষাৰ্থীসকল য’তেই আছে ত’তেই থাকিব লাগিব ।

ঢাকাস্থিত উচ্চায়ুক্তই ছাত্ৰ-ছাত্ৰীৰ লগতে আন আন ভাৰতীয়সকলৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে আৰু তেওঁলোকৰ কল্যাণৰ বাবে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰি আছে ।” ইটিভি ভাৰতৰে সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত বৈদেশিক সচিব হৰ্ষ শৃংলাই আশ্বাস প্ৰদান কৰে ।

প্ৰায় ৭০ গৰাকী চিকিৎসা বিজ্ঞানৰ কাশ্মীৰী শিক্ষাৰ্থী পশ্চিমবংগৰ উত্তৰ ২৪ পৰগণা জিলাৰ বনগাঁও নিকটৱৰ্তী পেট্ৰাপোল-বেনাপোল ভাৰত-বাংলাদেশ সীমান্ত পহৰা চকীত আবদ্ধ হৈ থকাৰ ভিডিঅ’ বৃহস্পতিবাৰে বহুলভাৱে প্ৰচাৰ হৈছিল ।

এই পহৰা চকীৰে যাব দিবলৈ আমি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ক কেইবাবাৰো অনুৰোধ কৰিছোঁ । আমি একেবাৰে নিৰাপদ অনুভৱ কৰি থকা নাই । ইাত বহুত জন সমাগম আছে আৰু আমি ইয়াত থাকি আমাৰ বিপদ চপাই আছোঁ । আমি ইয়াত নিশাটো কটাবলৈ সাজু আছোঁ।” এগৰাকী কাশ্মীৰী ছাত্ৰীয়ে এনেদৰে আহ্বান কৰা দেখা পোৱা যায় ।

আমি বাংলাদেশৰ বিভিন্ন চিকিৎসা মহাবিদ্যালয়ত অধ্যনৰত আমি প্ৰায় ৭০ গৰাকী কাশ্মীৰী ছাত্ৰ-ছাত্ৰী আছোঁ। আমি পেট্ৰাপল-বেনাপোল সীমান্তত আবদ্ধ হৈ আছোঁ । আমি ইয়াত উপস্থিত হ’বলৈ প্ৰায় ১২ ৰ পৰা ১৬ ঘণ্টাকৈ যাত্ৰা কৰিছোঁ । আমাৰ কলেজ আৰু হোষ্টেলসমূহ বন্ধ আৰু আমাক খালী কৰি ঘৰলৈ যাবলৈ নিৰ্দেশ দিয়া হৈছে । আমি সন্ধিয়াৰে পৰা এই সীমান্তত আছোঁ আৰু আমি একোৱে খোৱা নাই । আমাক বাৰতত প্ৰৱেশ কৰিব নিদিয়া পৰ্যন্ত আমি ইয়াত বহি থআকিম ।” আন এগৰাকী যুৱকে এনেদৰে অনুৰোধ জনায় ।

কিন্তু ভাৰতীয় চৰকাৰী সূত্ৰই স্পষঅট কৰি দিয়ে যে এনে সময়ত সীমান্তৰে কোনো ধৰণৰ উদ্ধাৰ কৰা নহ’ব । “আন দেশৰ পৰা ভাৰতলৈ প্ৰৱেশ আৰু ভাৰতৰ ভিতৰতে চলাচল কৰা নিষেধ কৰা পৰিপ্ৰিক্ষিতত সীমান্তৰে প্ৰৱেশ বন্ধ ৰখা হৈছে । ছাত্ৰ-ছাত্ৰীসকলৰ লগতে সমাজৰ নিৰাপত্তা আৰু স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক হোষ্টেললৈ উভতি যাবলৈ কোৱা হৈছে।” এক চৰকাৰী সূত্ৰই এনেদৰে কয় ।

সূ্ত্ৰটোৱে দাবী কৰা অনুসৰি ভাৰতলৈ আন দেশৰ পৰা প্ৰৱেশ বা ভাৰতৰ ভিতৰতে চলাচল কৰাত আৰোপ কৰা নিষেধাজ্ঞাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় দূতাবাসে প্ৰদান কৰা পৰামৰ্শ নামানি ছাত্ৰ-ছাত্ৰীসকলে বুধবাৰে সীমান্তৰ জংছনটোলৈ ঢাপলি মেলে ।

ছাত্ৰ-ছাত্ৰীসকলক হোষ্টেল খালী কৰিবলৈ নিৰ্দেশ দিয়া বুলি উত্থাপিত অভিযোগ মহাবিদ্যালয়ৰ অধ্যক্ষই নাকচ কৰিছে আৰু তেওঁলোকক হোষ্টেলতে আশ্ৰয় দিব বুলি নিশ্চিত প্ৰদান কৰিছে ।” এক চৰকাৰী সূ্ত্ৰই এনেদৰে জানিবলৈ দিয়ে ।

বাংলাদেশত প্ৰায় সাত হাজাৰ ভাৰতীয় ছাত্ৰ-ছাত্ৰী আছে । আমেৰিকা, নাডাৰলেণ্ড, ফ্ৰান্স আদিকে ধৰি বিশ্বৰ বিভিন্ন দেশত আবদ্ধ হৈ থকা মূলতঃ ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলৰ মেছেজ-ভিডিঅ’ৰে ছ’চিয়েল মিডিয়া ভৰি পৰিছে । কিন্তু লকডাউন বলবৎ কৰা ভাৰতবৰ্ষত ২৪ মাৰ্চৰ নিশাৰ পৰা ঘৰুৱা বিমান সেৱাও বন্ধ ৰখা হৈছে ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে স্পষ্ট কৰা মতে আবদ্ধ বিদেশী নাগৰিকসকলৰ বাবে বিভিন্ন দেশে গেলামাল তথা আৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰাৰ ব্যৱস্থা কৰি দিছে । ভাৰতীয় মিছনে মালয়েছিয়াৰ কুৱালালামপুৰৰ বিমান বন্দৰত আবদ্ধ হৈ থকা যাত্ৰীসকলক কিছু খাদ্যৰ পেকেট যোগান ধৰে । তদুপৰি নিউয়ৰ্কৰ দৰে চহৰত গুৰুদ্বাৰ বা ৰেহাই মূল্যত চুক্তিবদ্ধ হোটেলত ভাৰতীয়সকলক থকাৰ ব্যৱস্থা কৰি দিয়া হৈছে । বিষয়াসকলে জনোৱামতে আবদ্ধ ভাৰতীয় নাগৰিকসকলক সহায় কৰাৰ বাবে বিদেশৰ ভাৰতীয় সংগঠনসমূহৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি থকা হৈছে যদিও ইটালী বা ইৰানৰ দৰে পৰিস্থিতি ভয়াৱহ নহ’লে কোনো স্থানৰ পৰা ৩১ মাৰ্চলৈকে উদ্ধাৰ কাৰ্য চলোৱা নহ’ব ।

স্মিতা শৰ্মা, নতুন দিল্লী

For All Latest Updates

ABOUT THE AUTHOR

...view details