নিউজ ডেস্ক, 26 ফেব্ৰুৱাৰীঃ 2019 বৰ্ষৰ আজিৰ দিনটেতেই ভাৰতীয় বায়ুসেনাই আকাশমাৰ্গেৰে পাকিস্তানৰ বালাকোটত বোমা বিস্ফোৰণ কৰি প্ৰতিশোধ পূৰণ কৰিছিল ৷ বালাকোটৰ এই আক্ৰমণৰ সফলতাৰ প্ৰথম বাৰ্ষিকীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাৰতীয় সেনাই সন্ত্ৰাসবাদীক আক্ৰমণ আৰু দেশৰক্ষাৰ হেতু সীমা পাৰ কৰিবলৈও কুণ্ঠাবোধ নকৰে বুলি মন্তব্য কৰে ৷
বিগত বৰ্ষৰ 14 ফেব্ৰুৱাৰীত সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা পুলৱামা আক্ৰমণত শ্বহীদ হোৱা 40 গৰাকী চি আৰ পি এফ জোৱানৰ প্ৰতিশোধ পূৰণৰ হেতু 2019 চনৰ 26 ফেব্ৰুৱাৰীত ভাৰতীয় বায়ু সেনাই আকাশমাৰ্গেৰে পাকিস্তানৰ বালাকোটৰ সন্ত্ৰাসবাদীৰ প্ৰশিক্ষণ শিবিৰ এটাত আক্ৰমণ কৰিছিল ৷ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কৰা এই সফল প্ৰতিশোধ অভিযানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক টুইটযোগে ধন্যবাদ জ্ঞাপন কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ 2016 চনত ভাৰতে সফলভাৱে কৰাচাৰ্জিকেল ষ্ট্ৰাইক আৰু 2019 চনৰ এয়াৰ ষ্ট্ৰাইকৰ সফলতাৰ বাবে ভাৰতক এখন আত্মবিশ্বাসী ভাৰত হিচাপে গঢ়ি তোলাত সহায় কৰিছে বুলিও তেওঁ টুইটযোগে প্ৰকাশ কৰে ৷