নিউজ ডেস্ক, 29 অক্টোবৰ :পাকিস্তানী সেনাৰ সেনাধ্যক্ষ জেন. কমৰ জাভেদ বাজৱা ভয়ক কঁপি আছিল যেতিয়াই ভাৰতে পাকিস্তান আক্ৰমণ কৰিব বুলি বৈদেশিক মন্ত্ৰী শ্বাহ মেহমুদ কুৰেশ্বিয়ে পাকিস্তানৰ সদনক জনাইছিল ৷ শেহতীয়াকৈ এগৰাকী পাকিস্তানী মন্ত্ৰীয়ে ভাৰতীয় বায়ু সেনাৰ উইং কামাণ্ডাৰ অভিনন্দন বৰ্থমানৰ প্ৰসংগত এই কথা প্ৰকাশ কৰিছে ৷
লগতে পঢ়ক :আকৌ আকাশত উইং কামাণ্ডাৰ অভিন্দন
পাকিস্তানৰ ৰাষ্ট্ৰীয় সদনত মুছলিম লীগৰ নেতা আয়াজ চাদিকে এই কথা প্ৰকাশ কৰিছে ৷ 2019ৰ ফেব্ৰুৱাৰীত ভাৰতে পাকিস্তান অধ্যুষিত কাশ্মীৰত কৰা এয়াৰ ষ্ট্ৰাইকৰ পিচতে পাকিস্তান সেনাৰ হাতত গ্ৰেপ্তাৰ হৈছিল ভাৰতীয় বায়ু সেনাৰ উইং কামাণ্ডাৰ অভিনন্দন বৰ্থমান ৷ পাকিস্তান সেনাৰ হাতত অভিনন্দন বৰ্থমান ধৃত হোৱাৰ পিচতেই ভাৰত চৰকাৰে পাকিস্তান চৰকাৰক ভাৰতীয় বায়ু সেনা বিষয়াগৰাকীক কোনো হানি নোহোৱাকৈ ওভোটাই দিবলৈ অনুৰোধ কৰিছিল ৷ একেসময়তে ভাৰত চৰকাৰে পাকিস্তানৰ ওপৰত আক্ৰমণৰো পৰিকল্পনা কৰিছিল ৷ পাকিস্তানৰ চৰিত্ৰলৈ লক্ষ্য ৰাখি যদিহে অভিনন্দন বৰ্থমানক মুকলি কৰি নিদিয়ে তেতিয়া হ'লে সেই নিশাই পাকিস্তানৰ ওপৰত আক্ৰমণ কৰিবলৈ সাজু হৈছিল ভাৰতীয় সৈন্যবাহিনীৰ তিনিওটা অংগ ৷ আয়াজ চাদিকে সদনক কোৱা অনুসৰি, ভাৰতে সেই নিশা 9 বজাৰ ভিতৰত পাকিস্তান আক্ৰমণ কৰিলেহেতেন ৷
লগতে পঢ়ক :‘Falcon Slayers’ আৰু ‘AMRAAM Dodgers’ সন্মানেৰে বিভূষিত হ'ল উইং কামাণ্ডাৰ অভিনন্দন
আয়াজ চাদিকে কোৱা অনুসৰি, অভিনন্দনৰ গ্ৰেপ্তাৰৰ পিচতে পাকিস্তানৰ চৰকাৰে বিৰোধী নেতাসকলৰ লগতে সংসদীয় নেতাসকলৰ সৈতে এক জৰুৰীকালীন সভা আহ্বান কৰিছিল য'ত প্ৰধানমন্ত্ৰী ইমৰান খানে অংশগ্ৰহণ কৰাৰ পৰা বিৰত আছিল আৰু তাৰ পৰিৱৰ্তে সেনাপ্ৰধান জেন. বাজৱাই এই আলোচনাত অংশগ্ৰহণ কৰিছিল ৷ এই সভাত পাকিস্তানৰ বৈদেশিক মন্ত্ৰী শ্বাহ মেহমুদ কুৰেশ্বিয়ে ভগৱানৰ খাতিৰত অভিনন্দনক মুকলি কৰি দিব লাগে বুলি প্ৰস্তাৱ আগবঢ়াইছিল ৷ অন্যথা সেই নিশাই 9 বজাৰ ভিতৰত ভাৰতে পাকিস্তান আক্ৰমণ কৰিলেহেতেন বুলিও সদনত উল্লেখ কৰিছিল ৷ এই কথা শুনি ভয়তে ত্ৰাহিমান হৈছিল সেনাপ্ৰধান জেন. বাজৱা ৷
উইং কামাণ্ডাৰ অভিনন্দন বৰ্থমান 2019ৰ 27 ফেব্ৰুৱাৰীত পাকিস্তানৰ সৈতে হোৱা আকাশী যুদ্ধত পাকিস্তান বায়ুসেনাৰ এখন F-16 যুদ্ধবিমান ভূপতিত কৰাৰ পিচতেই তেওঁৰ মিগ বাইছন যুদ্ধবিমানখনো ভূপতিত হৈছিল আৰু পাকিস্তানী সেনাৰ হাতত গ্ৰেপ্তাৰ হৈছিল অভিনন্দন বৰ্থমান ৷ পৰৱৰ্তী সময়ত ৱাঘা-আট্টাৰি সীমান্তৰে পাকিস্তানে সসন্মানে 1 মাৰ্চত অভিনন্দন বৰ্থমানক ভাৰতক হস্তান্তৰ কৰিছিল ৷ উইং কামাণ্ডাৰ অভিনন্দনৰ এই সাহসিকতাৰ বাবে তেওঁক সেই বছৰ স্বাধীনতা দিৱসত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে বীৰ চক্ৰ প্ৰদান কৰিছিল ৷
লগতে পঢ়ক :উইং কামাণ্ডাৰ অভিনন্দনৰ সৈতে অসমৰ সম্পৰ্ক কি ?