অসম

assam

ETV Bharat / bharat

ভগৱান শ্ৰী জগন্নাথৰ বাহুদা যাত্ৰা - ভগৱান জগন্নাথ

ভগৱান জগন্নাথ, ভগৱান বলভদ্ৰ আৰু সুভদ্ৰাৰ শ্ৰী মন্দিৰলৈ উভতনি যাত্ৰাক বাহুদা যাত্ৰা বুলি কোৱা হয় ৷ লোকবিশ্বাস আছে যে, ভগৱান জগন্নাথৰ এই যাত্ৰা নিজ চকুৰে প্ৰত্যক্ষ কৰিবলৈ সক্ষম হ'লে 100 টা জনম লাভ কৰে ৷

Bahuda Yatra or the Return Car Festival of Lord Sree Jagannath
ভগৱান শ্ৰী জগন্নাথৰ বাহুদা যাত্ৰা

By

Published : Jul 1, 2020, 9:45 AM IST

নেশ্যনেল ডেস্ক, 1 জুলাই : ভগৱান শ্ৰী জগন্নাথৰ নিজ জন্মস্থানত বাৰ্ষিক 9 দিনীয়া বিশ্ৰাম, গুনদিষা মন্দিৰত ক্ষন্তেক অপেক্ষা আৰু উভতি অহা যাত্ৰাক সম্পূৰ্ণ উভতনি যাত্ৰাৰ তিনিটা পৰ্যায় বুলি জনা যায় ৷ এই পৰম্পৰা উড়িয়া মাহ আশাধাৰ দশম দিনা অনুষ্ঠিত কৰা হয় ৷ এই দিনটোত ভগৱান জগন্নাথে তেওঁৰ জ্যেষ্ঠ ভাতৃ আৰু ভগ্নীৰ সৈতে তেওঁৰ জন্মস্থানৰ পৰা যাত্ৰা আৰম্ভ কৰে ৷ ভগৱান জগন্নাথ, ভগৱান বলভদ্ৰ আৰু সুভদ্ৰাৰ শ্ৰী মন্দিৰলৈ উভতনি যাত্ৰাক বাহুদা যাত্ৰা বুলি কোৱা হয় ৷ দশম দিনা দেৱ-দেৱীসকলে তেওঁলোকৰ কাঠৰ ৰথত উঠি উভতনি যাত্ৰা আৰম্ভ কৰে ৷ ইয়াৰ আগদিনা নিশা দেৱ-দেৱীসকলৰ উভতনি যাত্ৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰা হয় ৷ সকলো নীতি-নিয়ম পালন কৰাৰ পাচত তিনি দেৱ-দেৱীক সেৱকসকলে তেওঁলোকৰ ৰথসমূহলৈ লৈ যায় আৰু এই প্ৰক্ৰিয়াক ধাৰী পহন্দী বুলি কোৱা যায় ৷

ভগৱান শ্ৰী জগন্নাথৰ বাহুদা যাত্ৰা

জগন্নাথে এই উভতনি যাত্ৰাৰ সময়ত তেওঁ বিভিন্ন স্থান ভ্ৰমণ কৰে ৷ তেওঁৰ বিখ্যাত মুছলমান ভক্ত ছালাবেগাৰ সমাধি ক্ষেত্ৰতো কিছু সময়ৰ বাবে এই ৰথ ৰয় ৷ ইয়াৰ পাচত জগন্নাথে তেওঁৰ আত্মীয়ৰ ঘৰৰ সন্মুখত কিছু সময়ৰ বাবে ৰয় বুলি বিশ্বাস কৰা হয় ৷ অন্তিম দিনা এই ৰথকেইখন মুখ্য মন্দিৰৰ প্ৰৱেশদ্বাৰত উপস্থিত হয় ৷ লোকবিশ্বাস আছে যে, ভগৱান জগন্নাথৰ এই যাত্ৰা নিজ চকুৰে প্ৰত্যক্ষ কৰিবলৈ সক্ষম হ'লে 100 টা জনম লাভ কৰে ৷

লগতে পঢ়ক : কৰ'ণা ভাইৰাছৰ ফলত কাশ্মীৰত মৃতকৰ সংখ্যা 100 লৈ বৃদ্ধি

ABOUT THE AUTHOR

...view details