নিউজ ডেস্ক, 18 আগষ্টঃহিন্দু দেৱতাক অপমান কৰাৰ অভিযোগ বাহৰেইনৰ এগৰাকী মহিলাৰ ওপৰত ৷ বাহৰেইনত বোৰ্খা পিন্ধা মহিলাই এটা শ্বপিং মলত হিন্দু দেৱতা গণেশৰ মূৰ্তি ভঙা প্ৰত্যক্ষ কৰা ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাচতে মহিলাগৰাকীয়ে হিন্দু ধৰ্মৰ ওপৰত আঘাত সনাৰ অভিযোগ উত্থাপন কৰি ক্ষমা খুজিবলৈ দাবী জনায় ৷ লগতে মহিলাগৰাকীয়ে ধৰ্মীয় অনুভূতিক আঘাত সনাৰ অভিযোগ তথা মহিলাগৰাকীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ ভিত্তিতে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷
বাহৰেইনৰ শ্বপিং মলত গণেশ মূৰ্তি ভাঙি ৰাইজৰ ৰোষত মহিলা - হিন্দু ধৰ্মাৱলম্বী লোকৰ ধৰ্মীয় অনুভূতিত আঘাত সনাৰ অভিযোগ
বাহৰেইনত গণেশ মূৰ্তি ভাঙি হিন্দু ধৰ্মাৱলম্বী লোকৰ ধৰ্মীয় অনুভূতিত আঘাত সনাৰ অভিযোগ উত্থাপন এগৰাকী মহিলাৰ বিৰুদ্ধে ৷ এটা শ্বপিং মলত বিক্ৰীৰ বাবে সজাই থোৱা গণেশৰ মূৰ্তি ভঙা দৃশ্য ভাইৰেল হৈ পৰাৰ পাচতে মহিলাগৰাকীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ হিন্দু ধৰ্মাৱলম্বী লোকৰ ৷
আনহাতে, ভাইৰেল হোৱা ভিডিঅ'টোত প্ৰত্যক্ষ কৰিবলৈ পোৱা গৈছে যে, মহিলাগৰাকীয়ে এটা শ্বপিং মলত প্ৰৱেশ কৰিয়ে গণেশ মূৰ্তিসমূহ উঠাই আৰু মাটিত দলিয়াই ভাঙিবলৈ আৰম্ভ কৰে ৷ মূৰ্তি ভঙা মহিলাগৰাকীৰ লগত অন্য কেইগৰাকীমান মহিলা আছিল যদিও উপস্থিত থকা মহিলাসকলে মূৰ্তি ভঙা মহিলাগৰাকীক বাধা প্ৰদান নকৰে ৷ আনহাতে ঘটনা সন্দৰ্ভত বাহৰেইনৰ ৰজাৰ পৰামৰ্শদাতা আৰু মন্ত্ৰী খালিদ অল খলীফাই কয় যে, "মহিলাগৰাকীৰ এই ব্যৱহাৰ সহ্য কৰা নহ'ব ৷ আধ্যাত্মিক প্ৰতীক ভঙা বাহৰেইনৰ জনসাধাৰণৰ চৰিত্ৰ নহয় ৷ এয়া এক অপৰাধ ৷"