হায়দৰাবাদ, ২৫ মে': আশ্চৰ্যকৰ ! ২২ হাজাৰ টকাত বিক্ৰী নিজৰ ২ মহীয়া এটি পুত্ৰ সন্তানক । তেলেংগানাত সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘটনাটো । অৱশ্যে দেওবাৰে আৰক্ষীয়ে কণমানী শিশুটোক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে গ্ৰেপ্তাৰ কৰে দম্পতীক ।
আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত পোহৰলৈ আহিছে যে, শনিবাৰে নিশা দম্পতীয়ে বিক্ৰী কৰিছিল ২ মহীয়া শিশুটিক । দম্পতীৰ এইটো আছিল দ্বিতীয়টো সন্তান । পৰিয়ালৰ আৰ্থিক দুৰাৱস্থা আৰু পিতৃৰ সুৰাপান কৰাৰ অভ্য়াসৰ বাবেই পুত্ৰ সন্তানটিক বিক্ৰী কৰা হৈছিল বুলি আৰক্ষীক জানিবলৈ দিয়ে সন্তানটিৰ মাতৃয়ে । আৰক্ষীয়ে পিচত শিশুটিক ক্ৰয় কৰা মহিলাগৰাকীৰ পৰা উদ্ধাৰ কৰি শিশু কল্যাণ কমিটিৰ জিম্মালৈ প্ৰদান কৰে ।