নেশ্যনেল ডেস্ক, 30 জুলাই :5 আগষ্টত উত্তৰ প্ৰদেশ চৰকাৰে ৰাম মন্দিৰৰ আধাৰশিলা স্থাপনৰ বাবে সাজু হোৱাৰ সময়তে অযোধ্যা জিলাৰ ধন্নীপুৰ গাঁৱত মছজিদ নিৰ্মাণৰ বাবেও পূৰ্ণগতিৰে কাম আৰম্ভ হৈছে ৷ ৰাজ্যখনৰ ছুন্নী কেন্দ্ৰীয় ৱাকাফ বৰ্ডে ইয়াৰ বাবে ইণ্ডো-ইছলামিক সাংস্কৃতিক ফাউণ্ডেছন নামৰ এক ট্ৰাষ্ট গঠন কৰি দিছে ৷
এই ফাউণ্ডেছনৰ ন্যাসৰক্ষকৰ দায়িত্ব পালন কৰিব ছুন্নী কেন্দ্ৰীয় ৱাকাফ ব'ৰ্ডে ৷ আনহাতে, চেয়াৰমেন জাফৰ ফাৰুকিক মুখ্য ন্যাসৰক্ষকৰ দায়িত্ব প্ৰদান কৰাৰ লগতে আথাৰ হুছেইনক সচিব আৰু মুখপাত্ৰ হিচাপে নিৰ্বাচিত কৰা হৈছে ৷
চেয়াৰমেন জাফৰ ফাৰুকিয়ে বৰ্তমানলৈকে মুঠ 15 টা ট্ৰাষ্টৰ ভিতৰত 9 টা ট্ৰাষ্টৰ নামহে ঘোষণা কৰিছে ৷ বিতৰ্কিত বাবৰি মছজিদৰ সলনি অন্য স্থানত মাটি দাবী কৰাসকলৰ কিছু লোকক ট্ৰাষ্টৰ অন্তৰ্ভূক্ত কৰাৰ সম্ভাৱনা আছে ৷