শীঘ্ৰেই এক দেশ এক সংবিধান হ'ব ভাৰতবৰ্ষতঃ বাবা ৰামদেৱ
জম্মু-কাশ্মীৰক লৈ পৰিস্থিতি উদ্বেগজনক হৈ থকাৰ সময়তে এক দেশ এক সংবিধান হ'ব বুলি মন্তব্য কৰিছে বাবা ৰামদেৱে ৷
নিউজ ডেস্ক, 4 আগষ্টঃ কাশ্মীৰ পৰিস্থিতি উদ্বেগজনক হৈ থকাৰ সময়তে সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যোগগুৰু বাবা ৰামদেৱে ৷ দেশত শীঘ্ৰেই এখন ৰাষ্ট্ৰীয় পতাকা, এটা ৰাষ্ট্ৰীয় সংগীত, এখন সংবিধানৰ প্ৰচলন হ'ব বুলি মন্তব্য কৰে ৰামদেৱে ৷ তেওঁ লগতে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত দেশবাসীয়ে শীঘ্ৰেই লাভ কৰিব এই সুবিধা ৷ কাশ্মীৰৰ পৰা অনুচ্ছেদ 35(A) আৰু অনুচ্ছেদ 370ৰ আঁতৰাব লাগে বুলি দাবী উত্থাপন কৰে ৰামদেৱ বাবাই ৷ বিগত বৰ্ষসমূহত দেশৰ বহু ধন-জনৰ লোকচান হৈছে, এতিয়া আৰু দেশে লোকচানৰ সন্মুখীন নহয় ৷ ৰাষ্ট্ৰীয় সংগীত, ভাৰতীয় পতাকা, ভাৰতীয় সেনা আৰু ভাৰতীয় ঐতিহ্যক অপমান কৰাসকলক কঠোৰ হাতেৰে দমন কৰিব লাগে বুলি উল্লেখ কৰে যোগগুৰুগৰাকীয়ে ৷