অসম

assam

ETV Bharat / bharat

"70" : প্ৰধানমন্ত্ৰী মোডীৰ জন্ম বাৰ্ষিকী উপলক্ষে আৰম্ভ হ'ল সেৱা সপ্তাহ - ভাৰতীয় জনতা যুৱ মৰ্চা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ 70 সংখ্যক জন্ম বাৰ্ষিকী উপলক্ষে বি জে পি দলে আৰম্ভ কৰিলে সেৱা সপ্তাহ ৷ '70' শীৰ্ষক থিম লৈ ভাৰতীয় জনতা পাৰ্টীৰ সেৱা সপ্তাহ আৰম্ভ ৷ দুখীয়া আৰু পীড়িতৰ বাবে নানান সাহাৰ্যৰে সপ্তাহযোৰা কাৰ্যসূচীৰে উদযাপন হ'ব সেৱা সপ্তাহ ৷

70 বছৰত ভৰি থব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে
70 বছৰত ভৰি থব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

By

Published : Sep 14, 2020, 5:05 PM IST

নেশ্যনেল ডেস্ক, 14 চেপ্তেম্বৰ:অহা 17 চেপ্তেম্বৰত 70 বছৰত ভৰি থব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ সেই উপলক্ষে '70' শীৰ্ষক থিম লৈ ভাৰতীয় জনতা পাৰ্টীয়ে আৰম্ভ কৰিলে সেৱা সপ্তাহ ৷ মোডীৰ 70 সংখ্যক জন্ম বাৰ্ষিকী উপলক্ষে সোমবাৰে বি জে পি দলে সেৱা সপ্তাহৰ আৰম্ভণি কৰে ৷ ইতিমধ্যে দলটোৱে প্ৰতিখন ৰাজ্যৰ ইউনিট প্ৰধান সকললৈ একোখনকৈ বিজ্ঞপ্তি প্ৰেৰণ কৰিছে ৷ 20 চেপ্তেম্বৰত শেষ হ'ব লগা সপ্তাহযোৰা এই উদযাপনত ল'ব পৰা কাৰ্যসূচীৰ বিষয়ে উল্লেখ কৰি এই বিজ্ঞপ্তি প্ৰেৰণ কৰা হৈছে ৷

বি জে পি ৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিঙে প্ৰেৰণ কৰা এই বিজ্ঞপ্তিখনত সেৱা সপ্তাহ উদযাপনৰ কৰাৰ উদ্দেশ্যে বিভিন্ন ধৰণৰ কাৰ্যক্ৰমণিকাৰ তালিকা সন্নিৱিষ্ট কৰাৰ লগতে সামাজিক পদক্ষেপৰ বিষয়েও উল্লেখ কৰা হৈছে ৷ দলৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ পৰামৰ্শ অনুযায়ী এতিয়া বি জে পি ৰ প্ৰতিটো ইউনিটেই প্ৰধানমন্ত্ৰী গৰাকীৰ জন্মদিন উদযাপনৰ বাবে সাজু হৈছে ৷

উত্তৰ প্ৰদেশৰ ৰাজ্যিক বি জে পি ৰ সভাপতি স্বতন্ত্ৰ দেৱ সিঙে কয় ,"আমি প্ৰতিখন জিলাতে 70 জন বিশেষভাৱে সক্ষম লোকক কৃত্ৰিম অংগ দান কৰিম ৷ প্ৰতিখন জিলাৰে 70 জনকা লোকক চশমা প্ৰদান কৰা হব ৷ ক'ভিড-19 ৰ সকলো নীতি নিয়ম মানি চলি বি জে পি ৰ নেতা সকলে 70 খন চিকিৎসালয় আৰু 70 টা দুখীয়া অঞ্চলত ফলমূল বিতৰণ কৰিব ৷ স্থানীয় চিকিৎসালয় সমূহৰ প্ৰয়োজনীয়তা অনুসৰি 70 জন ক'ৰণা আক্ৰান্ত ৰুগীৰ বাবে প্লাজমাৰ ব্যৱস্থা কৰিবলৈ দলৰ নেতা তথা সদস্য সকলক আহ্বান জনোৱা হৈছে ৷

ভাৰতীয় জনতা যুৱ মৰ্চাই প্ৰতিখন জিলাতে এটাকৈ হলেও মুঠ 70 টা তেজ দান শিবিৰ অনুষ্ঠিত কৰিব লগতে বি জে পি ৰ কৰ্মকৰ্তা সকলে প্ৰতিটো বুথত 70 টা গছপুলি ৰুপন কৰিব ৷ প্লাষ্টিকৰ একক ব্যৱহাৰৰ পৰা মুক্তি পোৱাৰ প্ৰতিশ্ৰুতিৰে প্ৰতিখন জিলাৰ 70 খন গাঁৱত চাফাই অভিযানৰ কাৰ্যসূচী চলোৱাৰ উপৰিও প্ৰধানমন্ত্ৰী মোডীৰ জীৱন তথা অনুকৰণমূলক কৰ্মৰাজীক লৈ 70 খন ভাৰ্চুৱেল কনফাৰেন্স অনুষ্ঠিত কৰা হ'ব ৷ বি জে পি ৰ সংসদ আৰু বিধানসভাৰ সদস্যসকলৰ লগতে , সকলো জনপ্ৰতিনিধিক এই অনুষ্ঠানত ভাগ লোৱাৰ বাবে আহ্বান জনাইছে ৷

স্বতন্ত্ৰ দেৱ সিঙে লগতে কয়, "সেৱা সপ্তাহ উদযাপনৰ আঁৰত আমাৰ লক্ষ্য হৈছে দুখীয়া আৰু পীড়িত সকলৰ বাবে আমি পুনৰ নিজকে উৎসৰ্গা কৰা ৷"

লগতে পঢ়ক: উত্তৰাখণ্ডৰ মহিলালৈ প্ৰধানমন্ত্ৰী মোডীৰ কৃতজ্ঞতামূলক পত্ৰ

ABOUT THE AUTHOR

...view details