লেখক - ড০ মহেন্দ্ৰ বাবু কুৰুভা
সহকাৰী অধ্যাপক, এইছ এন বি গাৰ্ৱাল কেন্দ্ৰীয় বিশ্ববিদ্যালয়, উত্তৰাখণ্ড
২০১৯ চনৰ ১১ ডিচেম্বৰত এখন আগশাৰীৰ ইংৰাজী দৈনিক বাতৰি কাকতত স্বাস্থ্য বীমাৰ অভাৱে কেনেদৰে ভাৰতৰ দৰিদ্ৰসকলক প্ৰভাৱ পেলাইছে সেই বিষয়ত এক গুৰুত্বপূৰ্ণ বাতৰি প্ৰকাশ পাইছিল । সামাজিক ভোগৰ সূচকৰ তথ্যৰ ওপৰত ভিত্তি কৰি NSS ৭৫ সংখ্যক (২০১৭-১৮) এই প্ৰতিবেদন প্ৰকাশ কৰা হৈছে । স্বাস্থ্য বীমাৰ অভাৱৰ বাবে স্বাস্থ্য সম্পৰ্কত হোৱা খৰছ সমূহ পূৰ কৰিবলৈ দৰিদ্ৰ পৰিয়াল সমূহে পৰিশ্ৰমৰ আনৰ টকাৰ পৰা লোৱা ধাৰ বা কষ্টৰ সাঁচতীয়া টকা খৰছ কৰাৰ লগতে গ্ৰাম্য আৰু নগৰাঞ্চলৰ স্বাস্থ্যখণ্ডত হোৱা খৰছ পাতিৰ ক্ষেত্ৰত থকা তাৰতম্যৰ মুখামুখি হ'বলগীয়া হয় । এই প্ৰতিবেদনে এনে বিষয়সমূহ অধিক গুৰুত্ব প্ৰদান কৰিছে । প্ৰসংগক্ৰমে এই বাতৰি প্ৰকাশৰ এদিন পূৰ্বে অৰ্থাৎ ২০১৯ চনৰ ১০ ডিচেম্বৰত কেন্দ্ৰীয় স্বাস্থ্য ৰাজ্যমন্ত্ৰী অশ্বিনী ছৌবে-এ ৰাজ্যসভাত জনাইছে যে, কেন্দ্ৰৰ ফ্লেগচিপ কাৰ্যসূচীৰ আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী যোজনাৰ অধীনত ২০১৯ চনৰ ৫ ডিচেম্বৰলৈকে ৯৫৪৯ কোটি টকাৰে প্ৰায় ৬৫ লাখ ৰোগীক চিকিৎসা প্ৰদান কৰা হৈছে । এক কথাত ক'বলৈ গ'লে এই আঁচনিখনৰ উদ্বোধনৰ পাছতে অতি কম সময়ৰ ভিতৰত এক বৃহৎ সংখ্যক লোকক চিকিৎসা প্ৰদান কৰিব পৰাটো এক প্ৰশংসনীয় সফলতা । কাকতখনৰ এই বাতৰিৰ অংশটোৱে আৰু কেন্দ্ৰীয় মন্ত্ৰীয়ে প্ৰকাশ কৰা ভাষ্যই ভাৰতৰ স্বাস্থ্য বীমাৰ ক্ষেত্ৰত একে ধৰণৰ মতকে তথা সাধাৰণ সূত্ৰ দাঙি ধৰিছে । সেয়া হ'ল আমি ইতিমধ্যে কি অৰ্জন কৰিলো আৰু এতিয়াও কি কি কৰিবলৈ বাকী আছে । গতিকে আৰু অধিক আগুৱাই যাবলৈ বা হাতত থকা কামসমূহ অনুধাৱন কৰিবলৈ প্ৰথমতে এই ভাৰত চৰকাৰৰ ফ্লেগচিপ কাৰ্যসূচী আৰু প্ৰত্যাহ্বানসমূহক অতি সুক্ষ্মভাৱে বুজাটো উচিত হ'ব যাতে ই ইয়াৰ পথত সকলো ধৰণৰ বাধাক মোকাবিলা কৰিব পাৰে ।
যোৱা ২০১৮ চনৰ ২৫ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী জনআৰোগ্য অভিযান বা আয়ুষ্মান ভাৰত উদ্বোধন কৰা হৈছিল । পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্মদিন উপলক্ষে এই কল্যাণকামী আঁচনিখন উদ্বোধন হ'ব বুলি স্বাধীনতা দিৱসৰ দিনা লালকিল্লাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছিল । এই আঁচনিখনক ৰাষ্ট্ৰীয় স্বাস্থ্য বা প্ৰতিৰক্ষা মিছন বা মোদী কেয়াৰ বুলিও জনা যায় ৷এই আঁচনিখনে ইতিমধ্যে বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্য বীমা আঁচনিৰূপে প্ৰশংসিত হৈছে । আয়ুষ্মান ভাৰতে প্ৰতি বছৰে প্ৰতি পৰিয়ালক আনুসংগিক চিকিৎসা সেৱা, নিৰ্দিষ্ট আৰু অন্যান্য অনিৰ্দিষ্ট চিকিৎসা, অস্ত্ৰোপচাৰৰ বাবে ৫ লাখ টকা প্ৰদান কৰে । হিতাধিকাৰীৰ যোগ্যতা সামাজিক, আৰ্থিক জাতিগণনাৰ (Socio Economic caste census) তথ্যৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয় । এই আঁচনিয়ে এটা বছৰ সম্পূৰ্ণ কৰাৰ পাছত বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে যাক অতি সাৱধানেৰে সমাধান কৰাৰ প্ৰয়োজন আছে ।
আগন্তুক প্ৰত্যাহ্বান-
প্ৰধানমন্ত্ৰী জনআৰোগ্য অভিযানে সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈছে ভ্ৰষ্টাচাৰ সংকট । যিহেতু অলপতে এই আঁচনিয়ে এটা বছৰ সম্পূৰ্ণ কৰিলে, এই আঁচনিৰ লগত কিছু অসৎ কাৰ্য সংঘটিত হৈছে বুলি কেন্দ্ৰীয় স্বাস্থ্য ৰাজ্য মন্ত্ৰীয়ে ৰাজ্যসভাত উল্লেখ কৰিছে । আৰু কিছু সংখ্যক চিকিৎসালয়ত ইতিমধ্যে এই সন্দৰ্ভত জাননী জাৰি কৰা হৈছে । চৰকাৰী সংখ্যা অনুসৰি যোৱা এবছৰত ১২০০ চিকিৎসালয়ত প্ৰতাৰণা পূৰ্ণকাৰ্যত লিপ্ত থকাৰ উপৰি ৩৭৬ খনত ইতিমধ্যে অনুসন্ধান সম্পূৰ্ণ হৈছে আৰু ৬ খনৰ বিৰুদ্ধে গোচৰ দাখিল কৰা হৈছে । ইয়াৰোপৰি এনে কাৰ্যৰ বিনিময়ত ১.৫ কোটি টকা বিভিন্ন চিকিৎসালয়ে জৰিমনা বিহাৰ লগতে ৯৭ খন চিকিৎসালয়ে এই আঁচনি তালিকাৰ পৰা বাদ দিয়া হৈছে । এই সংখ্যাসমূহে প্ৰমান কৰি দেখুৱাইছে যে এই আঁচনিৰ ক্ষেত্ৰত ব্যক্তিগত চিকিৎসালয়ত কেনেধৰণৰ ভ্ৰষ্টাচাৰ চলি আছে । লগতে ইয়াক ৰোধ কৰিবৰ বাবে কঠোৰ নিয়ম তথা নিৰীক্ষণৰ প্ৰয়োজন আছে ।
ভ্ৰষ্টাচাৰৰ উপৰিও ব্যক্তিগত চিকিৎসালয়ে এই আঁচনিৰ ক্ষেত্ৰত দ্বি-বিভাজন আনিছে । এহাতে ব্যক্তিগত চিকিৎসালয়সমূহে বজাৰৰ মূল্যতকৈ এই আঁচনিয়ে চিকিৎসাৰ বাবদ দিয়া মূল্য বহু কম বুলি অভিযোগ কৰাৰ বিপৰীতে অধ্যয়নৰ দ্বাৰা গম পোৱা গৈছে যে চৰকাৰী এনে আঁচনিৰ অধীনত ব্যক্তিগত চিকিৎসালয়ত প্ৰদান কৰা চিকিৎসাৰ মানদণ্ড তেনেই নূন্যতম । উদাহৰণস্বৰূপে এই আঁচনিৰ অধীনত চিকিৎসালয়ৰ ভিতৰত প্ৰায় ৭১ শতাংশ চিকিৎসালয়ে ২৫ খনতকৈ কম বিচনাযুক্ত আৰু ইয়াৰ অধিকাংশই বিশেষ চিকিৎসা সেৱা প্ৰদান নকৰে । তামিলনাডুয়ে এনে সমস্যাৰ বাবে কিছু সমাধান উলিয়াইছে যাক শক্তিশালী জনস্বাস্থ্য ব্যৱস্থা ৰূপে জনা যায় । যেতিয়া চৰকাৰী খণ্ডৰ চিকিৎসা সেৱা মজবুত হ'ব, যেতিয়া চৰকাৰে স্বাস্থ্যসেৱাৰ দৰদামৰ ক্ষেত্ৰত উচ্চ হাত দিব তেতিয়াই ব্যক্তিগত চিকিৎসালয়ে ইয়াৰ সঠিক ব্যৱস্থা গ্ৰহণ কৰিব । আনহাতে ব্যক্তিগত চিকিৎসালয়ে চৰকাৰী চিকিৎসালয়ৰ লগত প্ৰতিযোগিতাত নামিব যেতিয়া সঠিক মূল্যত সকলোতে ভাল চিকিৎসা সেৱা পোৱা যাব । তেতিয়াহে সাধাৰণ হিতাধিকাৰীসকলে এই আঁচনিৰ অধীনত অধিক লাভবান হ'ব । এই সকলোবোৰ সুবিধাৰ লগতে এক শক্তিশালী তথা সঠিক জনস্বাস্থ্য সেৱাই অধিক ৰোগীক আকৰ্ষিত কৰাৰ লগতে ব্যক্তিগত চিকিৎসালয়ত আঁচনিৰ অবিহনে চিকিৎসা সেৱা গ্ৰহণ কৰাৰ সলনি তেওঁলোকে অধিক পুঁজিৰে এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিব পাৰিব ।