অসম

assam

ETV Bharat / bharat

হিঙৰ আয়ুৰ্বেদিক গুণাগুণ - ডাঃ কল্পেশ ৰমেশলাল বাফানা

হিং যাক আমি মচলা হিচাপে ব্যৱহাৰ কৰো, তাৰ প্ৰাকৃতিক গুণাগুণো আছে ৷ দৰাচলতে হিং এক আয়ুৰ্বেদিক ঔষধ হিচাপেও ব্যৱহাৰ কৰিব পাৰি ৷

হিঙৰ আয়ুৰ্বেদিক গুণাগুণ
হিঙৰ আয়ুৰ্বেদিক গুণাগুণ

By

Published : Jul 7, 2020, 7:45 PM IST

Updated : Jul 7, 2020, 10:47 PM IST

নিউজ ডেস্ক, 7 জুলাই : হিং ওৰফে asafoetida, একপ্ৰকাৰ মচলা যাক আমি যুগ-যুগ ধৰি আমাৰ পাকঘৰত ব্যৱহাৰ কৰি আহিছো, ইয়াৰ গুণাগুণৰ বিষয়ে হয়টো আপুনি জ্ঞাত নহয় ৷ ইয়াক এতিয়াও কিছুসংখ্যক আয়ুৰ্বেদিক ঔষদ প্ৰস্তুত কৰা প্ৰণালীত ব্যৱহাৰ কৰা হয় ৷ কল্পায়ু হেল্থ কেয়াৰ ক্লিনিক পুনেৰ চিকিৎসক ডাঃ কল্পেশ ৰমেশলাল বাফানাই কয় যে, "হিং দুই প্ৰকাৰৰ, এটা ক'লা, গোন্ধযুক্ত আৰু আনটো বগা, যাক ঔষধত ব্যৱহাৰ কৰা হয় ৷" চিকিৎসক ডাঃ কল্পেশে প্ৰকাশ কৰা ইয়াৰ কিছুমান গুণাগুণ হৈছে :

1. স্নায়ৱিক তন্ত্ৰঃ

- হিঙৰ এক শক্তিশালী আৰু তীব্ৰ সুগন্ধ আছে, যাৰ বাবে ই আমাৰ স্নায়ৱিক তন্ত্ৰৰ বাবে এক উপকৰণৰ কাম কৰে ৷ ইয়ে আমাৰ স্নায়ৱিক তন্ত্ৰক সক্ৰিয় কৰি ৰাখে ৷

- হিঙৰ বেদনানাশক গুণ আছে, যাৰ বাবে ইয়াক এতিয়াও কিছুসংখ্যক অঞ্চলত সন্ধি অথবা মাংসপেশী বিষৰ বাবে প্ৰস্তুত কৰা তেলত ব্যৱহাৰ কৰা হয় ৷ গৰম হোৱা বাবেই হিঙে বিষ উপশম হোৱাত সহায় কৰে ৷

- বিভিন্ন আয়ুৰ্বেদিক সূত্ৰত ইয়াক নিৰোধী হিচাপে ব্যৱহাৰ কৰা হয় ৷ ইয়ে হৃদৰোগকে ধৰি অন্যান্য ৰোগত সহায় কৰে ৷ ইয়াৰ উপৰিও পেৰালাইছিছ, মুখৰ পক্ষাঘাত, নিতম্ববেদনা তথা মৃগীৰোগতো সহায় কৰে ৷

2. শ্বসনতন্ত্ৰঃ

- শ্বাসযন্ত্ৰৰ সৰ্বাধিক সাধাৰণ সমস্যাসমূহ হ'ল কাঁহ, চৰ্দি আৰু দীর্ঘস্থায়ী কাঁহ । এই ধৰনৰ সমস্ত পৰিস্থিতিত আমাৰ হাওফাওত ফোলা নামক এক পদাৰ্থৰ বাবে বাধাৰ সৃষ্টি হয় । এই ফোলা নামৰ পদাৰ্থক নিয়ন্ত্ৰণত আনিবলৈ হিং এক উল্লেখনীয় ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰি ৷

3. সংবহনতন্ত্ৰঃ

- পেৰিকাৰ্ডিয়েল ইফুশ্বন নামৰ এক পৰিস্থিতিত, য'ত আমাৰ হৃদযন্ত্ৰৰ চাৰিওফালে তৰল পদাৰ্থৰ তৰপ পৰে, এনে পৰিস্থিতিত হিঙে এক উল্লেখনীয় কাম কৰে ৷ দুৰ্বল হৃদযন্ত্ৰযুক্ত লোকৰ ক্ষেত্ৰত হিঙে অধিক শক্তিশালীৰূপত কাম কৰে ৷

4. পাচন তন্ত্ৰঃ

- সুগন্ধিযুক্ত সোৱাদ আৰু গৰম হোৱাৰ বাবে হিং এক উল্লেখনীয় হজমী উপকৰণ ৷ ইয়ে ভোক বঢ়াই তোলাৰ লগতে অধিক খাদ্যৰ বোজা হজম হোৱাত সহায়ক হয় ৷ মলত্যাগ ধীৰে ধীৰে হ'লে তাক নিয়ন্ত্ৰণ কৰাটো হিঙে সহায় কৰে ৷ ই পেটৰ বিষ, বদহজমী আদি সমস্যাৰো উল্লেখনীয় উপকৰণ হিচাপে কাম কৰে ৷

5. মূত্ৰ প্ৰণালীঃ

- প্ৰাকৃতিকভাৱেই হিং এক অন্যতম মূত্ৰবৰ্ধক ৷ ইয়ে বৃক্কত মূত্ৰ সংশোধন আৰু মূত্ৰৰ গতি নিয়ন্ত্ৰণ কৰি বৃক্কত হোৱাত পাথৰ গুচোৱাত সহায় কৰে ৷ হিঙে ব্লাডাৰত হোৱা বিষ নাশ কৰাটো সহায় কৰে ৷

6. প্ৰজনন প্ৰণালীঃ

- প্ৰাকৃতিকভাৱেই হিং এক কামোত্তেজক উপাচাৰ ৷ হিঙে এগৰাকী ব্যক্তিৰ যৌন সক্ষমতা বঢ়াই তোলে ৷ পুৰুষৰ ক্ষেত্ৰত নপুংশকতা আৰু মহিলাৰ ডিম্বস্ফোটনৰ ক্ষেত্ৰত সহায় কৰে ৷ হিঙে মহিলাসকলৰ জৰায়ু পৰিস্কাৰ কৰাৰ ক্ষেত্ৰটো সহায় কৰে ৷

আয়ুৰ্বেদত হিঙৰ বহুটো সূত্ৰ আছে ৷ এক উল্লেখনীয় উপকৰণ হোৱাৰ উপৰিও হিঙে দেহত তেজৰ গতি নিয়ন্ত্ৰণত ৰাখে আৰু তেজৰ নিঃসৰণ বৃদ্ধি কৰে ৷ ডাঃ কল্পেশৰ মতে, ই যদিও গুণাগুণৰ সৈতে উপলব্ধ, ইয়াৰ মাত্ৰাধিক ব্যৱহাৰৰ পাৰ্শ্বক্ৰিয়াও আছে ৷ সেয়েহে ইয়াক সেৱন কৰাৰ আগত আয়ুৰ্বেদিক ফিজিচিয়ান অথবা অতি কম পৰিমানে সেৱন কৰক ৷

Last Updated : Jul 7, 2020, 10:47 PM IST

ABOUT THE AUTHOR

...view details