অযোধ্যা ভূমি-বিবাদ: লিখিত ৰায় পাঠ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ - ৰায়দান পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ টুইট
পুৱা ১০.৩০ বজাত অযোধ্যা গোচৰৰ ৰায়দান কৰিব উচ্চতম ন্যায়ালয়ে ৷ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত গঠিত ৫ জনীয়া বিচাৰপীঠে প্ৰদান কৰিব ৰায়দান ৷
আজি উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিব অযোধ্যা গোচৰৰ ৰায়দান
নিউজ ডেস্ক, 09-11-2019
- কিছু সময়ৰ পাচতেই উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিব অযোধ্যা গোচৰৰ ৰায়দান
- পুৱা ১০.৩০ বজাৰ পৰা লিখিত ৰায়দান পাঠদান মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ
- উচ্চতম ন্যায়ালয়ৰ ৫ জনীয়া বিচাৰপীঠে প্ৰদান কৰিব এই ৰায়
- পাঁচজনীয়া বিচাৰ পীঠৰ ন্যায়াধীশ- এছ এ বোবড়ে, ডি ৱাই চন্দ্ৰচূড়, আব্দুল নাজিৰ, অশোক ভূষণ
- ১৬ অক্টোবৰত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে অযোধ্যা গোচৰৰ শুনানি সম্পূৰ্ণ কৰি সুৰক্ষিত ৰাখিছিল ৰায়
- এই গোচৰ সন্দৰ্ভত ধাৰাবাহিকভাৱে ৪০ দিন লৈকে শুনানি প্ৰক্ৰিয়া চলিছিল উচ্চতম ন্যায়ালয়ত
- এই ৰায়দান পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ টুইট
- উচ্চতম ন্যায়ালয়ৰ ৰায়দান কাৰো জয় অথবা পৰাজয় নহয়
- সকলোকে ভাৰতৰ শান্তি, একতা, সদ্ভাৱনা বজাই ৰাখিবলৈ আহ্বান প্ৰধানমন্ত্ৰীগৰাকীৰ
- দেশৰ বিভিন্ন ঠাইত হাই এলাৰ্ট জাৰি প্ৰশাসনৰ
- ঠাই ভেদে জাৰি কৰা হৈছে 144 ধাৰা
- ছ’চিয়েল মিডিয়াটো তীক্ষ্ণ দৃষ্টি ৰাখিছে আৰক্ষী-প্ৰশাসনে
Last Updated : Nov 9, 2019, 12:09 PM IST