নেশ্বনেল ডেস্ক, 17 নৱেম্বৰঃঅযোধ্যাৰ ভূমি বিবাদৰ ৰায়দানক লৈ উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে পুনৰীক্ষণ আবেদন দাখিলৰ সিদ্ধান্ত অল ইণ্ডিয়া মুছলিম পাৰ্ছনেল ল' বোৰ্ড চমুকৈ AIMPLBৰ ৷ উত্তৰ প্ৰদেশৰ লক্ষ্নৌত অনুষ্ঠিত হোৱা সভাত এই সিদ্ধান্ত গ্ৰহণ কৰে বোৰ্ডে ৷ সভাত অল ইণ্ডিয়া মজলিচ-ই-ইট্টেহাডুল মুছলিমেনৰ প্ৰধান আছাদউদ্দিন ওৱেছিকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল ৷
অযোধ্যা ৰায়দানক লৈ পুনৰীক্ষণৰ আবেদন দাখিল AIMPLBৰ - অযোধ্যা ৰায়দান পুনৰীক্ষণৰ আবেদন নিউজ
বহুচৰ্চিত অযোধ্যা ৰায়দানৰ পিচতে 17 নৱেম্বৰত অনুষ্ঠিত হোৱা সভাত ইয়াৰ বিৰুদ্ধে পুনৰীক্ষণৰ আবেদন দাখিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অল ইণ্ডিয়া মুছলিম পাৰ্ছনেল ল' বোৰ্ড চমুকৈ AIMPLBএ ৷ উত্তৰ প্ৰদেশৰ লক্ষ্নৌত অনুষ্ঠিত হোৱা সভাত এই সিদ্ধান্ত গ্ৰহণ কৰে বোৰ্ডে ৷
লগতে পঢ়কঃ কেৰালা বান ক্ষতিগ্ৰস্থৰ বাবে 121 টা "ৰামোজী হাউচ"
চলিত মাহৰ 9 তাৰিখত উচ্চতম ন্যায়ালয়ে এটা ন্যাস গঠন কৰি বিবাদমান ভূমিত মন্দিৰ নিৰ্মাণৰ সপক্ষে ৰায়দান প্ৰদান কৰিছিল ৷ আনহাতে মছজিদ নিৰ্মাণৰ বাবে 5 একৰৰ নিৰ্দিষ্ট এডোখৰ ভূমিত এটা মছজিদ নিৰ্মাণৰ বাবে ৰায়দান কৰিছিল উচ্চতম ন্যায়ালয়ে ৷ উক্ত ভূমি ছুন্নী ৱাকফ বোৰ্ড নাইবা কেন্দ্ৰীয় চৰকাৰ অথবা উত্তৰ প্ৰদেশ চৰকাৰক মছজিদ নিৰ্মাণৰ বাবে প্ৰদান কৰিবলৈ ৰায়দান কৰিছিল সৰ্বোচ্চ ন্যায়ালয়ে ৷ সৰ্বোচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তৰ সমৰ্থন কৰি ছুন্নী ৱাকফ বোৰ্ডে কোনো পুনৰীক্ষণৰ আবেদন দাখিল নকৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ কিন্তু অল ইণ্ডিয়া মুছলিম পাৰ্ছনেল ল' বোৰ্ড এয়া মুছলমানসকলৰ ন্যায়িক আৰু সাংবিধানিক অধিকাৰ বুলি ইয়াৰ বিৰুদ্ধে পুনৰীক্ষণ আবেদন দাখিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ সংবিধানৰ 25 অনুচ্ছেদৰ অধীনত এই আবেদন কৰিব বুলি প্ৰকাশ কৰে বোৰ্ডে ৷
TAGGED:
Ayodhya Verdict AIMPLB news