অসম

assam

ETV Bharat / bharat

অযোধ্যা ভূমি বিবাদঃ বিবাদমান ভূমি দখলৰ ওপৰত প্ৰতিবেদন দাখিল - হিন্দুৱে সদায় প্ৰাৰ্থনাক আগস্থান দি আহিছে

বিবাদমান ৰাম জন্মভূমি-বাবৰি মছজিদ গোচৰৰ শুনানিৰ আজি দশম দিন ৷ ভগৱান ৰামৰ হৈ উচ্চতম ন্যায়ালয়ত প্ৰতিবেদন দাখিল কৰে জ্যেষ্ঠ অধিবক্তা চিএছ বৈদ্যনাথনে ৷

অযোধ্যা ভূমি বিবাদঃ বিবাদমান ভূমি দখলৰ ওপৰত প্ৰতিবেদন দাখিল

By

Published : Aug 21, 2019, 3:46 PM IST

নিউজ ডেস্ক, 21 জুলাইঃ উচ্চতম ন্যায়ালয়ত চলি থকা বিবাদমান ৰাম জন্মভূমি-বাবৰি মছজিদ গোচৰৰ শুনানি দশম দিনত প্ৰৱেশ কৰিছে ৷ দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, ন্যায়াধীশ এছএ ববদে, ন্যায়াধীশ ডিৱাই চন্দ্ৰচূড়, ন্যায়াধীশ অশোক ভূষণ আৰু ন্যায়াধীশ আব্দুল নাজিৰে সমগ্ৰ গোচৰটোৰ শুনানি গ্ৰহণ কৰি আছে ৷ দশম দিনৰ অন্তত উচ্চতম ন্যায়ালয়ত বিবাদমান ভূমিক লৈ প্ৰতিবেদন দাখিল কৰিছে ভগৱান ৰামৰ হৈ ওকালতি কৰা জ্যেষ্ঠ অধিবক্তা চিএছ বৈদ্যনাথনে ৷

চিএছ বৈদ্যনাথনঃহিন্দুৰ মালিকানাস্বত্ব অধিকাৰ নোহোৱা বুলি কেনেকৈ অবৈধ দখল কৰিব পাৰে ? হিন্দুৱে সদায় প্ৰাৰ্থনাক আগস্থান দি আহিছে আৰু ইয়াক অবৈধ দখল আখ্যা দিব নোৱাৰি ৷ স্বেচ্ছাই নহয় বিচ্ছিন্নতাৰ দ্বাৰাহে অবৈধ দখল সম্ভৱ ৷ 12 বছৰে মালিকৰ অনুপস্থিতিয়ে মাটিৰ দখলী স্বত্ব হেৰুৱায় যদিও ইয়াত মালিক হৈছে এগৰাকী ভগৱান আৰু ভগৱানৰ ক্ষেত্ৰত এই যুক্তি প্ৰযোজ্য নহয় ৷ এইখিনি সময়তে ভক্তসকলে তেওঁলোকৰ আৰাধনাৰ দ্বাৰা মালিকানাস্বত্ব অধিকাৰ সংৰক্ষণ কৰি আহিছে আৰু ইয়াক অবৈধ বুলি ক'ব নোৱাৰি ৷ ইয়াত মালিকানাস্বত্ব নহয়, ভগৱানৰ কথা জড়িত হৈ আছে ৷

ন্যায়াধীশ এছএ ববদেঃ কোনটো ৰায়দানে এটা মূৰ্তিৰ অধিকাৰ অপৰ্যাপ্ত বুলি কৈছে?

চিএছ বৈদ্যনাথনঃ যদিহে কোনো মন্দিৰ আছিল, যদিহে সকলো ঠিক-ঠাকে আছে আৰু সেই স্থানত ভক্তই পূজা কৰি আহিছে আৰু তাত মন্দিৰ আছিল, তাক লৈ কোনোৱে নিজৰ অধিকাৰ দাবী কৰিব নোৱাৰে ৷ এটা মূৰ্তিৰ দ্বাৰা কোনোৱে নিজৰ অধিকাৰ দাবী কৰিব নোৱাৰে, মোৰ মতে এয়া অবৈধ ৷ মই দাবী সহকাৰে ক'ব বিছাৰো যে, যিসকল লোকে তাত পূজা কৰি আহিছে সেয়া যথেষ্ট ৷ কোনো মন্দিৰ নাইবা মূৰ্তিৰ বিনাশ হ'ব নোৱাৰে, সেয়া সদায়ে তৈয়াৰ হৈ থাকিব ৷ ভগৱান এক বিশেষ অধিকাৰী, তেওঁ লাগিলে নাবালিকে হওঁক নাইবা অন্য কোনো, তেওঁৰ স্থান সদায় অতুলনীয় আৰু তেওঁৰ স্থান আন কোনোৱে অধিগ্ৰহণ কৰিব নোৱাৰে ৷

ন্যায়াধীশ এছএ ববদেঃআপুনি বুজাব খুজিছে যে, এটা মূৰ্তিৰ সম্পত্তি অপৰ্যাপ্ত আৰু কোনোৱে তাক অধিগ্ৰহণ কৰিব নোৱাৰে, কাৰণ তেওঁৰ সম্পত্তি অপৰ্যাপ্ত যিটো ব্যক্তিৰ বাবে সম্ভৱপৰ নহয় ৷

চিএছ বৈদ্যনাথনঃ হয়, একেবাৰে শুদ্ধ ৷ ইয়াত এটা মন্দিৰ আছিল আৰু তাৰ বাবে তাত দেৱতাও আছিল ৷ মই মছজিদৰ ভূমিৰ ওপৰত অধিকাৰ দাবী কৰা নাই ৷ সেইস্থানৰ পবিত্ৰতা একেই থাকিব, আৰু তাৰ সম্পত্তিত কোনোৱে দখল কৰা নাইবা বিক্ৰী কৰিব নোৱাৰিব ৷

ABOUT THE AUTHOR

...view details