অসম

assam

ETV Bharat / bharat

অযোধ্যাৰ নক্সা ফালি ন্যায়ালয়ৰ ৰোষত অধিবক্তা - উচ্চতম ন্যায়ালয়

অন্তিম শুনানিৰ বাবে চলি থকা বিতৰ্কৰ মাজতে অযোধ্যাৰ ওপৰত ৰচিত গুৰুত্বপূৰ্ণ নথি ফালি দিয়ে জ্যেষ্ঠ অধিবক্তা ৰাজীৱ ধাৱনে ৷ মুছলমান পক্ষৰ হৈ ওকালতি কৰা ধাৱনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে হিন্দু মহাসভাকে ধৰি বহুকেইটা সংগঠন ৷

অযোধ্যা ভূমি বিবাদ

By

Published : Oct 16, 2019, 6:24 PM IST

নিউজ ডেস্ক, 16 অক্টোবৰঃ বিতৰ্কিত অযোধ্যা ভূমি বিবাদৰ শুনানিৰ মাজতে সংঘটিত হয় বিক্ষিপ্ত ঘটনা ৷ উচ্চতম ন্যায়ালয়ত চলি থকা অযোধ্যা ভূমি বিবাদৰ অন্তিম শুনানিৰ সময়তে এগৰাকী জ্যেষ্ঠ অধিবক্তাই সংঘটিত কৰে এই ঘটনা ৷

উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা মুছলমান পক্ষৰ হৈ ওকালতি কৰা জ্যেষ্ঠ অধিবক্তা ৰাজীৱ ধাৱনৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ ৷ উচ্চতম ন্যায়ালয়ত শুনানি চলি থকাৰ সময়তে অধিবক্তাগৰাকীয়ে ফালি পেলায় অযোধ্যাৰ নক্সা থকা এখন কিতাপ ৷ ঘটনাৰ বাবে দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে অধিবক্তাগৰাকীক সাৱধান বাণী প্ৰদান কৰে ৷

ন্যায়ালয়ত প্ৰদৰ্শন কৰা কিতাপখন

লগতে পঢ়কঃ স্বদেশীয় অস্ত্ৰৰে যুদ্ধত জয়লাভ কৰিমঃ স্থলসেনা প্ৰধান

কিশোৰ কুনালৰ দ্বাৰা ৰচিত'Ayodhya Revisited.' নামৰ কিতাপখনৰ পৃষ্ঠা ফালি পেলায় জ্যেষ্ঠ অধিবক্তা ৰাজীৱ ধাৱনে ৷ জ্যেষ্ঠ অধিবক্তা বিকাশ সিঙে কিতাপখনৰ উদ্ধৃতিৰে যুক্তি আগবঢ়োৱাৰ লগতে ন্যায়ালয়ত প্ৰদান কৰিছিল কিতাপখন ৷

ইতিমধ্যে সমগ্ৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দেশৰ বিভিন্ন সংগঠনে ৷ বিশেষকৈ হিন্দু মহাসভাকে ধৰি অন্যান্য সংগঠনসমূহে ৰাজীৱ ধাৱনৰ বিৰুদ্ধে গোচৰ তৰাৰ ভাবুকি প্ৰদান কৰিছে ৷

সমগ্ৰ ঘটনাৰ পিচতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে লেখক কিশোৰ কুনালে ৷ উচ্চতম ন্যায়ালয়ে বিচৰাৰ বাবেই তেওঁ কিতাপখন ন্যায়ালয়ক প্ৰদান কৰিছিল ৷ শেহতীয়াকৈ চুন্নী ৱাকফ বৰ্ডৰ বাবে যুক্তি আগবঢ়োৱা অধিবক্তাগৰাকীৰ কৰ্মকাণ্ডৰ দ্বাৰা তেওঁলোক যে,ন্যায়িক যুঁজত হাৰিছে সেইটো প্ৰমাণ হৈ গৈছে বুলি মন্তব্য কৰিছে বহুতে ৷

লগতে পঢ়কঃ অন্তিম দিনত অযোধ্যা ভূমি বিবাদৰ শুনানি

আনহাতে ঘটনা সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে অধিবক্তা ৰাজীৱ ধাৱনে ৷ তেওঁৰ মতে,দেশৰ মুখ্য ন্যায়াধীশৰ অনুমতিৰ পিচতেই কিতাপখনৰ পৃষ্ঠা ফালি দিয়া হৈছে ৷ এয়া ন্যায়ালয়ৰ অনুমতিৰ পিচতেই কৰা হৈছে বুলি উল্লেখ কৰে অধিবক্তাগৰাকীয়ে ৷

উল্লেখ্য যে,উচ্চতম ন্যায়ালয়ে আজি বিয়লি 5 বজাৰ ভিতৰত অযোধ্যা গোচৰৰ অন্তিম শুনানি গ্ৰহণ কৰি গোচৰটোৰ ৰায় সংৰক্ষণ কৰাৰ কথা ঘোষণা কৰে ৷

ABOUT THE AUTHOR

...view details