অসম

assam

ETV Bharat / bharat

বিমানৰ মূল্য নিয়ন্ত্ৰণত ৰাখিবলৈ বিমান পথ ৭ টা ভাগত বিভক্ত - বিমানৰ টিকটৰ মূল্য

বিমানৰ টিকটৰ মূল্য নিয়ন্ত্ৰণৰ কৰাৰ বাবে বিমানৰ পথসমূহ সাতটা ভাগত ভাগ কৰা হৈছে । বৃহস্পতিবাৰে এই মন্তব্য কৰে কেন্দ্ৰীয় বিমান মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে । লগতে দেশৰ আগশাৰীৰ চহৰ সমূহত কেৱল মাত্ৰ এক তৃতীয়ংশ বিমান চলাচলৰ বাবেহে অনুমতি প্ৰদান কৰা হ'ব সদৰী কৰে মন্ত্ৰী গৰাকীয়ে ।

হৰদ্বীপ সিং পুৰী
বিমানৰ মূল্য নিয়ন্ত্ৰণত ৰাখিবলৈ বিমান পথ ৭ টা ভাগত বিভক্ত

By

Published : May 21, 2020, 10:27 PM IST

নিউজ ডেস্ক, ২১ মে': এয়াৰলাইনছ, বিমানবন্ধৰ প্ৰতিষ্ঠান সহিতে সমস্ত ষ্টোকহোল্ডাৰৰ সহযোগিতাৰ ভিত্তিতেই আমি ২৫ মে'ৰ পৰা পুনৰ বিমান চলাচল কৰাৰ বাবে নিৰ্ণয় গ্ৰহণ কৰিছো । বৃহস্পতিবাৰে এই মন্তব্য কৰে বিমান মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে ।

লগতে কয় যে, দেশৰ আগশাৰীৰ চহৰ সমূহত কেৱল মাত্ৰ এক তৃতীয়ংশ বিমান চলাচলৰ বাবে অনুমতি প্ৰদান কৰা হ'ব । যি সাপ্তাহিক ভিত্তিত ১০০ ৰো অধিক বিমান হ'ব বুলি উল্লেখ কৰে ।

বিমানৰ মূল্য নিয়ন্ত্ৰণত ৰাখিবলৈ পথসমূহক ৭ টা ভাগত বিভক্ত

মন্ত্ৰী গৰাকীয়ে কয়, আমি বিমানৰ টিকটৰ মূল্য নিয়ন্ত্ৰণৰ বাবে আমি বিভাগৰ কাম সমূহ সাতটা ভাগত ভাগ কৰিছো । প্ৰথম খণ্ড হৈছে, ৪০ মিনিটৰ ভিচৰত বিমান অৱতৰণ কৰা হ'ব । কেৱল টিকটৰ মূল্য হ্ৰাস কৰিবলৈ অভ্যন্তৰীণ বিমান ৪০-৬০ মিনিটৰ ভিতৰণ অৱতৰণ কৰিব । বাকী সকলো একেই থাকিব ।

আনহাতে, দিল্লীৰ পৰা মুম্বাইলৈ যোৱা বিমান সেৱাৰ মূল্য হ'ব প্ৰায় ১০,০০০টকা ।

ABOUT THE AUTHOR

...view details