নিউজ ডেস্ক,১৮ এপ্ৰিলঃ আভ্যন্তৰীণ বিমান উদ্যোগৰ বাবে FICCI য়ে বেল আউট পেকেজৰ দাবী জনাই । যাৰ দ্বাৰা চৰকাৰৰ পৰা প্ৰত্যক্ষভাৱে নগদ ধনৰ সহায়, সুদমুক্ত ঋণ তথা দুই বছৰৰ কৰ ৰেহাই দি মহামাৰী কৰ'ণা ভাইৰাছৰ সংকটৰ সময়ছোৱাত হোৱা ক্ষতিগ্ৰস্তৰ পৰা কিছু পৰিমাণে সকাহ দিয়াৰ বাবেই বেল আউট পেকেজৰ দাবী জনাইছে FICCI য়ে ।
লক ডাউনৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ সহায়ৰ প্ৰয়োজন বিমান উদ্যোগ সমূহকঃ FICCI - FICCI
দেশৰ সকলো ৰাজ্যৰ লক ডাউন সম্পূৰ্ণৰূপে নখোলা পৰ্যন্ত বিমান সেৱা মুকলি নকৰিবলৈ আহ্বান FICCIৰ। আভ্যন্তৰীণ বিমান উদ্যোগৰ বাবে বেল আউট পেকেজৰ দাবী জনাই FICCI য়ে ।

COVID-19 ৰ সংকটৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ সহায়ৰ প্ৰয়োজন বিমান উদ্যোগ সমূহকঃ FICCI
তাৰ লগতে ৬ মাহ পৰ্যন্ত ঋণ স্থগিত কৰা,তেল বিপণীৰ সংস্থাসমূহৰ পৰা ১৮০ দিনৰ বাবে ধাৰত তেল দিয়া আৰু বিমানৰ বীমাৰ প্ৰিমিয়াম ৰেহাই দিবলৈ আহ্বান জনাই FICCI য়ে । তাৰোপৰি FICCI য়ে দেশৰ সকলো ৰাজ্য়ৰ পৰা সম্পূৰ্ণৰূপে লক ডাউন উঠাই নিদিয়া পৰ্যন্ত বিমান সেৱা আৰম্ভ নকৰিবলৈ অনুমতি নিদিবলৈ অনুৰোধ জনাই ।
মহামাৰী কৰ'ণা ভাইৰাছৰ প্ৰভাৱে বিমান উদ্যোগ সমূহত সকলোতকৈ অধিক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে । বাণিজ্যিক সেৱাত সম্পূৰ্ণৰূপে তথা আংশিকৰূপে প্ৰভাৱিত কৰাৰ বাবেই বিমান সেৱা সমূহ আৰ্থিক সংকটৰ সন্মুখীন হয় ।