নেশ্যনেল ডেস্ক, 1 ডিচেম্বৰ: কৃষি আইনৰ বিৰোধীতাৰে দেশত অব্যাহত আছে কৃষকৰ প্ৰতিবাদ ৷ শেহতীয়া ভাৱে যোৱা 6 দিন ধৰি হৈ থকা কৃষকৰ প্ৰতিবাদে স্তব্ধ কৰিছে দিল্লীৰ জনজীৱন ৷ কেন্দ্ৰীয় চৰকাৰ আৰু কৃষক সংগঠনৰ মাজত কথা বতৰা হৈ আছে যদিও বৰ্তমানলৈ কোনো স্থায়ী সমাধান নোলোৱাত সোমবাৰে দিল্লী আৰক্ষীয়ে ঔচণ্ডি সীমান্ত চীল কৰি দিয়ে ৷ ঔচণ্ডি সীমান্ত চীল কৰি দিয়াৰ পাছতে হাৰিয়ানা আৰু দিল্লী অভিমুখে গৈ থকা বহু বাহন আধা বাটতে আৱদ্ধ হৈ পৰিছে ৷ যাৰ ফলত বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে ৷
হাৰিয়ানা আৰু দিল্লী সীমান্তত আৱদ্ধ হৈ থকা ট্ৰাক চালকে জনোৱা মতে, দিল্লী আৰক্ষীয়ে কোনো বাহনকে প্ৰৱেশ কৰিব দিয়া নাই ৷ 24 ঘন্টা ধৰি তেনেকৈ আৱদ্ধ হৈ থকাৰ ফলতে খোৱা লোৱাকে ধৰি বিভিন্ন সমস্যা হৈছে ৷