নেশ্যনেল ডেস্ক, ১ জানুৱাৰী: বিশ্বজুৰি কৰ'ণাসৃষ্ট পৰিৱেশৰ মাজতে দেশবাসীয়ে উদযাপন কৰিলে নৱবৰ্ষৰ আনন্দ-উল্লাস । তাৰ মাজতে দেশৰ ভিন্ন প্ৰান্তত চৰকাৰে covid প্ৰটকলৰ নিয়ম বান্ধি দিয়ে । দিল্লী চৰকাৰেও Covid প্ৰটকলৰ নিয়ম বান্ধি দি দিল্লীবাসীক নৱবৰ্ষ উদযাপন কৰিবলৈ গাইডলাইন প্ৰকাশ কৰিছিল । কিন্তু একাংশ নিয়ম উলংঘনকাৰীয়ে চৰকাৰে বান্ধি দিয়া গাইডলাইন ভংগ কৰি বছৰৰ শেষৰটো নিশা অৰ্থাৎ ৩১ ডিচেম্বৰৰ নিশা একাংশ স্থানীয় উদণ্ড যুৱকে পূৱ-দিল্লীৰ গান্ধী নগৰৰ মহকুমা দণ্ডাধীশ কাৰ্যালয় চমুকৈ এচ ডি এমত শিল-আইনাৰ টুকুৰা নিক্ষেপ কৰি উদ্ভণ্ডালিৰ সৃষ্টি কৰি আক্ৰমণ চলায় । নিশা ১১ বজাৰ পাচত দিল্লীত কাৰ্ফিউ জাৰি কৰিছিল প্ৰশাসনে । ইয়াৰ বাবে পূৱ-দিল্লীৰ গান্ধী নগৰত আৰক্ষীয়ে তীক্ষ্ণ দৃষ্টি ৰাখি পহৰা দি থকাৰ সময়তে এই আক্ৰমণ চলায় ।
ঘটনা অনুসৰি উক্ত স্থানত একাংশ লোকে Covid প্ৰটকলৰ নিয়ম ভংগ কৰি মাস্ক পৰিধান নকৰাত আৰক্ষীয়ে দুহেজাৰ টকাৰ জৰিমনা বিহিছিল । সেই সময়তে আৰক্ষী আৰু একাংশ যুৱকৰে খণ্ডযুদ্ধ আৰম্ভ হয় । তাৰ পাচতেই নিয়ম উলংঘনকাৰী উদণ্ড যুৱকে শিল-আইনাৰ টুকুৰাৰে আক্ৰমণ চলায় । অৱশ্যে এই আক্ৰমণত কোনো লোক গুৰুতৰভাৱে আহত হোৱা নাই বুলি জানিব পৰা গৈছে ।