অসম

assam

By

Published : Jan 7, 2020, 12:41 PM IST

ETV Bharat / bharat

জেএনইউ আক্ৰমণ, CAA প্ৰতিবাদ ৰোধ কৰাৰ এক প্ৰচেষ্টা!

সোমবাৰে হায়দৰাবাদৰ এক মহিলা কৰ্মীয়ে জেএনইউৰ শিক্ষাৰ্থীৰ ওপৰত হোৱা আক্ৰমণৰ বিষয়ে মন্তব্য প্ৰকাশ কৰে ৷ তেওঁ কয় যে,যেতিয়া জেএনইউৰ শিক্ষাৰ্থী সমূহক সাম্প্ৰদায়িক গুণ্ডাবাহিনীয়ে নিৰ্মমভাৱে আক্ৰমণ কৰি আছিল তেতিয়া আৰক্ষীয়ে মাথো মৌন প্ৰত্যক্ষদৰ্শী হিচাপে ৰৈ থকাটো এটা হৃদয়বিদাৰক কথা ৷

Attack on JNU
জেএনইউ আক্ৰমণ

নিউজ ডেস্ক,7 জানুৱাৰীঃ "5 জানুৱাৰীত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ ওপৰত হোৱা আক্ৰমণ,সংশোধিত নাগৰিকত্ব আইন আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীকৰণৰ বিৰুদ্ধে কৰা প্ৰতিবাদ সমূহ ৰোধ কৰিবৰ বাবে এক প্ৰয়াস আছিল" ৷ সোমবাৰে হায়দৰাবাদৰ দেৱী নামৰ এগৰাকী মহিলা কৰ্মীয়ে এই মন্তব্য প্ৰকাশ কৰে ৷

তেওঁ উল্লেখ কৰে যে,যেতিয়া জেএনইউৰ শিক্ষাৰ্থী সমূহক সাম্প্ৰদায়িক গুণ্ডাবাহিনীয়ে নিৰ্মমভাৱে আক্ৰমণ কৰি আছিল তেতিয়া আৰক্ষীয়ে মাথো মৌন প্ৰত্যক্ষদৰ্শী হিচাপে ৰৈ থকাটো এটা হৃদয়বিদাৰক কথা ৷ তেওঁ প্ৰশ্ন কৰে যে যুৱ প্ৰজন্ম আৰু শিক্ষাৰ্থী থকাৰ বাবে জনসংখ্যাৰ সুবিধাৰ কথা কোৱা চৰকাৰ খনে কেনেকৈ কেৱল কাগজতেই এই আক্ৰমণক নিন্দা কৰিব পাৰে আৰু দোষীক কৰায়ত্ব কৰি শাস্তি বিহাত অসফল হ'ব পাৰে ৷ তেওঁ এই আক্ৰমণৰ এই ঘটনাটো এটা ষড়যন্ত্ৰ বুলি অনুভৱ কৰে ৷ ইয়াৰোপৰিও তেওঁ কয় যে তেওঁলোকে কেৱল জেএনইউ আৰু জামিয়াতে আক্ৰমণ কৰা নাই ৷ যিহেতু বহু বিশ্ববিদ্যালয়ে বহু বিতৰ্কিত আইন আৰু CAAৰ বিৰুদ্ধে প্ৰতিবাদত অংশ লৈছে সেয়ে এই সমগ্ৰ ছাত্ৰ সংগঠনটোক ভীতি প্ৰদৰ্শন কৰিবলৈ তেওঁলোকে এক প্ৰকাৰৰ প্ৰতিবাদৰ নেতৃত্ব প্ৰদান কৰি থকা জেএনইউত আক্ৰমণ কৰিছে ৷ আন এগৰাকী মহিলা কৰ্মী খালিদা পাৰ্বিনেও দেৱীৰ এই মন্তব্যত সহমত প্ৰকাশ কৰে ৷

উল্লেখ্য যে দেওবাৰে বিয়লি মুখা পিন্ধা দুৰ্বৃত্তৰ দল এটাই জেএনইউৰ চৌহদত প্ৰৱেশ কৰি লাঠি আৰু ৰ'ডেৰে বিশ্ব বিদ্যালয়খনৰ অধ্যক্ষ আৰু জেএনইউএচইউৰ সভাপতি আইছে ঘোষৰ লগতে বহু ছাত্ৰ ছাত্ৰীক আক্ৰমণক কৰে ৷ এই আক্ৰমণত আহত হোৱা আইছে ঘোষৰ লগতে 30 গৰাকীতকৈও অধিক ছাত্ৰ ছাত্ৰীক এ.আই.আই.এম.এচ ট্ৰমা চেন্টাৰত ভৰ্তি কৰোৱা হয় ৷ জেএনইউ প্ৰশাসন আৰু ৰাজনৈতিক নেতা সকলে শিক্ষাৰ্থীৰ ওপৰত হোৱা এক আক্ৰমণক নিন্দা কৰি আৰক্ষীক দোষীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ৷ সম্প্ৰতি জেএনইউত এক শান্তিৰ পৰিৱেশ হৈ আছে কৰি আছে যদিও সকলোৰে মাজত চেপা উত্তেজনাই বিৰাজ কৰিছে ৷ জেএনইউৰ সুৰক্ষী কৰ্মীসকলে বিশ্ববিদ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰা সকলোৰে পৰিচয় পত্ৰ নিৰিক্ষণ কৰি জেএনইউৰ প্ৰৱেশ দ্বাৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা অৱলম্বন কৰিছে ৷

লগতে পঢ়ক - দেশ কঁপোৱা JNU কাণ্ডৰ প্ৰতিবাদ গুৱাহাটীতো

ABOUT THE AUTHOR

...view details