নতুন দিল্লী, 12 ফেব্ৰুৱাৰীঃ দিল্লী বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টীৰ বৃহৎ জয়ৰ পাচতেই মাজ নিশা আম আদমী পাৰ্টীৰ প্ৰাক্তন বিধায়ক নৰেশ যাদৱৰবাহনৰ ওপৰত দুৰ্বৃত্তৰ গুলী চালনা ৷ এই গুলী চালনাত এগৰাকী দলীয় কৰ্মীৰ থিতাতে মৃত্যু হোৱাৰ লগতে আহত হয় এজন লোক ৷ নিহত দলীয় কৰ্মীজন হৈছে অশোক মান ৷ সাংবাদিকৰ আগত এই সমগ্ৰ ঘটনা দুখজনক বুলি উল্লেখ কৰে বিধায়কগৰাকীয়ে ৷
আম আদমী পাৰ্টীৰ প্ৰাক্তন বিধায়কলৈ গুলী চালনা, মৃত্যু দলীয় কৰ্মীৰ - attack on aap mla naresh yadav
দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফলৰ 24 ঘণ্টা মাৰ নাযাওতেই আম আদমী পাৰ্টীৰ প্ৰাক্তন বিধায়ক নৰেশ যাদৱ লৈ দুৰ্বৃত্তৰ গুলী চালনা ৷ গুলী চালনাত মৃত্যু এজন দলীয় কৰ্মীৰ ৷
আম আদমী পাৰ্টীৰ নৱ-নিৰ্বাচিত বিধায়কলৈ গুলী চালনা, মৃত্যু দলীয় কৰ্মীৰ
দলীয় সৰ্মথকৰ সৈতে মন্দিৰৰ পৰা উভতি অহাৰ পথতে প্ৰাক্তন বিধায়কগৰাকীৰ বাহনক লক্ষ্য কৰি এই আক্ৰমণ চলোৱা হয় ৷ আম আদমী পাৰ্টীৰ টুইটাৰ একাউণ্টতো এই আক্ৰমণৰ কথা উল্লেখ কৰে ৷
উল্লেখ্য যে, দিল্লীৰ 70 খন বিধানসভা আসনৰ 63 খন আসনতেই অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টীয়ে দখল কৰিবলৈ সক্ষম হৈছে ৷ এই জয়েৰে ক্ৰমাগতভাৱে তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ'ব কেজৰিৱাল ৷ আনহাতে বিজেপিয়ে 7 খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে এখননো আসন লাভ কৰিবলৈ সমৰ্থ নহ’ল ৷
Last Updated : Feb 12, 2020, 6:11 AM IST