নিউজ ডেস্ক, ১৩ এপ্ৰিলঃ ৮ ঘণ্টা ধৰি চলা কঠিন অস্ত্ৰোপ্ৰচাৰৰ পাচত চণ্ডীগড় PGIMER চিকিৎসকৰ সফলতা । নিহাং গোটৰ সদস্যই আৰক্ষীৰ উপ-পৰিদৰ্শক হৰজিৎ সিঙৰ কাটি দিয়া হাত অৱশেষত জোৰা দিবলৈ সক্ষম হৈছে চিকিৎসকে । অৱশ্য়ে পৰৱৰ্তী ৪৮ ঘণ্টা খোবেই জটিল আৰু গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰিছে চিকিৎসকে ।
৮ ঘণ্টা অস্ত্ৰোপ্ৰচাৰৰ অন্তত সফলতা ! জোৰা দিয়া হৈছে আৰক্ষী উপ-পৰিদৰ্শকৰ কাটি দিয়া হাত - Nihangs: ASI's
দেওবাৰে পাঞ্জাৱত লক্ ডাউনৰ মাজতে সংঘটিত হৈছিল এক ভয়ংকৰ ঘটনা । নিহাং গোটৰ সদস্যই কাটি দিছিল আৰক্ষীৰ উপ-পৰিদৰ্শক হৰজিৎ সিঙৰ হাত । হাতখন পুনৰ জোৰা লগোৱাত সফল চণ্ডীগড় পিজিআইএমইআৰৰ চিকিৎসক ।
Attack by Nihangs: ASI's hand reattached at Chandigarh's PGIMER
দেওবাৰে পাটিয়ালা জিলাৰ অন্তৰ্গত এখন পাচলি বজাৰত নিহাং গোটৰ সদস্যক কাৰ্ফিউ পাচ বিচৰাতেই সৃষ্টি হৈছিল সংঘাতৰ । পাচত নিহাং গোটৰ সদস্যই তৰুৱালেৰে আৰক্ষীৰ উপ-পৰিদৰ্শক হৰজিৎ সিঙৰ হাত কাটি পেলাইছিল । এই ঘটনাত আহত হৈছিল আন তিনিজন পুলিছ কৰ্মী ।
ঘটনা সন্দৰ্ভত পাঞ্জাৱ আৰক্ষীয়ে ১১ জন লোকক আটক কৰিবলৈ সক্ষম হৈছে । ইয়াৰ ভিতৰতে আছে এগৰাকী মহিলা ।