অসম

assam

ETV Bharat / bharat

সামৰিক দিশৰ পৰা যথেষ্ট তাৎপৰ্যপূৰ্ণ অটল সুৰংগ - পীৰ পাঞ্জল ৰেঞ্জ

"পূৰ্বে শত্ৰুৱে প্ৰায়ে শ্ৰীনগৰ, লেহ আৰু কাৰ্গিললৈ পথছোৱা বন্ধ কৰি দিয়ে ৷ যাৰ ফলত আমি যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল ৷ কিন্তু এই সুৰংগটো মুকলি হোৱাৰ পিছত এতিয়া লেহ আৰু কাৰ্গিলৰ মাজত দূৰত্ব যথেষ্ট হ্ৰাস পাব আৰু যথেষ্ট সময় ৰাহি হ’ব ৷", ব্ৰিগেডিয়াৰ খুশাল ঠাকুৰ ৷

Atal tunnel is very important from strategic point of view
কৌশলগত দিশৰ পৰা যথেষ্ট তাৎপৰ্যপূৰ্ণ অটল সুৰংগ

By

Published : Oct 5, 2020, 9:29 AM IST

নেশ্যনেল ডেস্ক, 5 অক্টোবৰঃ বিগত 3 অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰোহতাঙত বিশ্বৰ ভিতৰতে দীৰ্ঘতম পথ সুৰংগটো মুকলি কৰে ৷ এই সুৰংগটোৰ সামৰিক তাৎপৰ্যও আছে ৷ 9.2 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই সুৰংগটোৱে এতিয়াৰে পৰা মানালি আৰু লাহোৱাল স্পীতি উপত্যকাক গোটেই বছৰজুৰি সংযুক্ত কৰি ৰাখিব ৷ সাগৰীয় উচ্চতাৰ পৰা প্ৰায় 10,000 ফুটত হিমালয়ৰ পীৰ পাঞ্জল ৰেঞ্জত অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মান কৰি উলিওৱা হৈছে সুৰংগটো ৷

এই সন্দৰ্ভত স্থলসেনাৰ অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ খুশাল ঠাকুৰে ইটিভি ভাৰতৰ আগত কয়, সামৰিক দিশৰ পৰা এই সুৰংগটোৱে যথেষ্ট তাৎপৰ্য বহন কৰিছে ৷ ভাৰত চীন সীমান্তত নিযুক্ত সেনাৰ লগতে ভাৰতীয় লোকসকলৰ বাবে ই এক মহান উপহাৰ ৷ "পূৰ্বে শত্ৰুৱে প্ৰায়ে শ্ৰী নগৰ, লেহ আৰু কাৰ্গিললৈ পথছোৱা বন্ধ কৰি দিয়ে ৷ যাৰ ফলত আমি যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল ৷ কিন্তু এই সুৰংগটো মুকলি হোৱাৰ পিছত এতিয়া লেহ আৰু কাৰ্গিলৰ মাজত দূৰত্ব যথেষ্ট হ্ৰাস পাব আৰু যথেষ্ট সময় ৰাহি হ’ব ৷", এইদৰে কয় ব্ৰিগেডিয়াৰ খুশাল ঠাকুৰে ৷

তেখেতে আৰু কয় যে, সুৰংগটোৱে পথৰ দূৰত্ব 46 কিলোমিটাৰ পৰ্যন্ত হ্ৰাস কৰাৰ উপৰিও সময় প্ৰায় চাৰিৰ পৰা পাঁচ ঘন্টা হ্ৰাস কৰিব ৷ সীমান্ত পথ নিৰ্মাণকাৰী সংস্থা ‘Border Roads Organisation’ৰ 10 বছৰৰ শ্ৰম অৱশেষত চূড়ান্ত পৰ্যায়ত উপনীত হ’ল ৷

ব্ৰিগেডিয়াৰ খুশাল ঠাকুৰৰ সাক্ষৎকাৰ

উল্লেখ্য যে, সুৰংগটোত সুৰক্ষাৰ দিশটোত যথেষ্ট গুৰুত্ব প্ৰদান কৰা হৈছে ৷ জৰুৰীকালীন বাৰ্তালাপৰ বাবে প্ৰতি 150 মিটাৰৰ দূৰত্বত টেলিফ’ন সংযোগৰ ব্যৱস্থা ৰখা হৈছে, প্ৰতি 60 মিটাৰত ফায়াৰ হাইড্ৰেন্ট মেকানিজিম, স্বয়ংক্ৰিয় দুৰ্ঘটনা চিনাক্তকৰণ ব্যৱস্থা, প্ৰতি 250 মিটাৰত চিচিটিভি কেমেৰা, প্ৰতি 1 কিলোমিটাৰত বায়ুৰ মান পৰ্যবেক্ষণ, প্ৰস্থান চিহ্ন, সম্প্ৰচাৰ ব্যৱস্থা আদি কেইবাটাও অত্যাধুনিক ব্যৱস্থা ৰখা হৈছে সুৰংগটোত ৷

লগতে পঢ়ক-বিশ্বৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ সুৰংগ "অটল টানেল" মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে

ABOUT THE AUTHOR

...view details