অসম

assam

By

Published : Jun 19, 2020, 10:48 PM IST

ETV Bharat / bharat

ভাৰত চীনৰ সম্বন্ধে আয়োজন কৰা সৰ্বদলীয় বৈঠক সম্পন্ন

মােডীয়ে আহ্বান কৰা সৰ্বদলীয় বৈঠকত সকলো দলৰ নেতা আৰু সভাপতিসকলে অংশগ্ৰহণ কৰি ভাৰত চীন সম্বন্ধে আলোচনাত মিলিত হয় ।

ভাৰত চীনৰ সম্বন্ধে আয়োজন কৰা সৰ্বদলীয় বৈঠক সম্পন্ন
ভাৰত চীনৰ সম্বন্ধে আয়োজন কৰা সৰ্বদলীয় বৈঠক সম্পন্ন

নিউজ ডেস্ক, ১৯ জুনঃ ভাৰত চীনৰ সংঘষৰ পিছতেই ভাৰতৰ প্ৰতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙ আৰু বৈদেশিক বিভাগৰ এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় । আনহাতে দেশৰ প্ৰধানমন্ত্ৰী সৰ্বদলীয় বৈঠকৰ আহ্বান কৰিছিল শুক্ৰবাৰে বিয়লি ভাগত । সকলো দলৰ মূৰব্বী আৰু সভাপতি সকলে অংশগ্ৰহণ কৰে আলোচনাত।২০ জন কৈ ভাৰতীয় সেনা জোৱান শ্বহীদ বৰণ কৰিব লগীয়া হৈছিল চীনা সেনাৰ আক্ৰমণত।তৰবাবে এক গুৰুত্বপূণ সভা আয়োজন কৰিছিল ভাৰত চৰকাৰে । এই সভাতে মোডীয়ে উল্লেখ কৰে যে ভাৰতবৰ্ষই নিজৰ এক বিন্দু ভূমি এৰি নিদিয়ে তাৰ বাবে যি পদক্ষেপ গ্ৰহণ কৰিব লাগে কৰিব । ১৯৬২ চনৰ ভাৰত হৈ থকা নায় বুলিও কয় ।নিজৰ মাতৃ ভূমি ৰক্ষাৰ বাবে ভাৰত প্ৰস্ত্তত আছে বুলি সভাৰ জৰিয়তে জানিবলৈ দিয়ে। আনহাতে সকলো দলেই চৰকাৰক সহায় সহযোগিতা আগবঢাম বুলি মত প্ৰকাশ কৰে ।

ভাৰত চীনৰ সম্বন্ধে আয়োজন কৰা সৰ্বদলীয় বৈঠক সম্পন্ন

ABOUT THE AUTHOR

...view details