নেশ্যনেল ডেস্ক, 7 মে':বৃহস্পতিবাৰে বিশাখাপট্টনমৰ এটা ৰাসায়নিক প্লাণ্টৰ পৰা গেছ লিক হোৱাৰ ফলত এটি 8 বছৰীয়া শিশুসহ 10 গৰাকী লোকৰ মৃত্যু হয় । ইয়াৰোপৰি এই ঘটনাৰ ফলত আক্ৰান্ত হয় 100 গৰাকীতকৈয়ো অধিক লোক ।
গোপালাপট্টনমৰ আৰ.আৰ ভেঙ্কটাপুৰাম গাঁৱৰ এল.জি পলিমাৰ উদ্যোগৰ পৰা ঘটনাৰ উদ্ভৱ হোৱা বুলি জানিবলৈ দিয়ে, বিশাখাপট্টনমৰ জিলা চিকিৎসা বিষয়াই ।
গ্ৰেটাৰ বিশাখাপট্টনম পৌৰ নিগমৰ বিষয়ববীয়া সকলে জানিবলৈ দিয়া মতে, তেওঁলোকে পানী ব্যৱহাৰ কৰি গেছ লিকৰ প্ৰভাৱ কিছু হ্ৰাস কৰিবলৈ চেষ্টা চলাইছে আৰু স্থানীয় বাসিন্দাসকলক মাস্ক ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিছে ।
উল্লেখ্য যে, মুখ্যমন্ত্ৰী ৱাই.এছ জগন মোহন ৰেড্ডীয়ে জিলা কৰ্মকৰ্তাসকলৰ জীৱন ৰক্ষাৰ্থে আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে ।
দক্ষিণ কোৰিয়াৰ কোম্পানী এল.জি পলিমাৰ্চে পলিষ্টাৰিন আৰু এক্সপেনডেবল পলিষ্টাৰিন নিৰ্মাণ কৰে । যি বহুমুখী প্লাষ্টিক, খেলনা আদিৰ দৰে বিভিন্ন উপকৰণ নিৰ্মাণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় । 1961 চনৰ পৰাই এই উদ্যোগ চলি আছে ।
এই ঘটনাৰ ফলত চকু জ্বলা পুৰা কৰা আৰু শ্বাস-প্ৰশ্বাসত কষ্ট পোৱা বহুকেইগৰাকী লোকক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈছে ।
লগতে পঢ়কঃআতচবাজী বিস্ফোৰণৰ ফলত নিহত দুই শিশু