নিউজ ডেস্ক, 27 ডিচেম্বৰ: কাজাখাস্তানৰ আলমাটি আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা উৰণৰ কিছু সময়ত পিছতেই নিয়ন্ত্ৰণ হেৰুৱাই এটা 2 মহলীয়া অট্টালিকাত খুন্দিয়াই বিমানখনে ৷
আলমাটি বিমান বন্দৰৰ পৰা কাজাখৰ ৰাজধানী নুৰ চুলতান অভিমুখে যাত্ৰা কৰিছিল বিমানখনে ৷ বৰ্তমানেও বিমানখনত বহু যাত্ৰী আবদ্ধ হৈ থকাৰ উপৰিও 14 জন লোকৰ মৃত্যু হোৱাৰ কথা বিমানবন্দৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে ৷ এখন আৱাসিক এলেকাত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয় আৰু সকলো লোকক ইতিমধ্যে সেই স্থানৰ পৰা আতৰাই নিয়াৰ ব্যৱস্থা কৰা হৈছে ৷