অসম

assam

ETV Bharat / bharat

দিল্লীত শীতৰ প্ৰকোপঃ তাপমাত্ৰা হয়গৈ ১০.৬ ডিগ্ৰী চেলচিয়াছ

ৰাজধানী দিল্লীত বুধবাৰে পুৱা তাপমাত্ৰা ১০.৬ ডিগ্ৰী চেলচিয়াছ হয়গৈ। মঙলবাৰে নূন্যতম তাপমাত্ৰা ১০ ডিগ্ৰী চেলচিয়াছলৈ হ্ৰাস পায়। নৱেম্বৰ মাহৰ শেষৰ সপ্তাহলৈকে দিল্লীৰ তাপমাত্ৰা অধিক নিম্নগামী হোৱাৰ আশংকা কৰিছে বতৰ বিজ্ঞান বিভাগৰ জ্য়েষ্ঠ বৈজ্ঞানিকে।

By

Published : Nov 4, 2020, 4:51 PM IST

দিল্লীত শীতৰ প্ৰকোপ: তাপমাত্ৰা ১০.৬ ডিগ্ৰী চেলচিয়াছ
দিল্লীত শীতৰ প্ৰকোপ: তাপমাত্ৰা ১০.৬ ডিগ্ৰী চেলচিয়াছ

নেশ্যনেল ডেস্ক, ৪ নৱেম্বৰ: ভয়াৱহ প্ৰদূষণে হাৰাশাস্তি ভোগোৱাৰ পিছত এতিয়া শীতৰ আমেজ লৈছে দিল্লীবাসীয়ে। বুধবাৰে পুৱা তাপমাত্ৰা ১০.৬ ডিগ্ৰী চেলচিয়াছ হয়গৈ আৰু এয়া নূন্য়তম তাপমাত্ৰাতকৈ ৪ ডিগ্ৰী কম আছিল। ভাৰতৰ বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে যে, কেৱল মঙলবাৰেই নহয়, বুধবাৰেও শীতল বতাহে পাৰাস্তম্ভ নিম্নগামী কৰে। অনাগত দুটা দিনত বতৰ বিজ্ঞান বিভাগে সমতলৰ বাবে নূন্য়তম তাপমাত্ৰা ১০ ডিগ্ৰী অথবা ৪.৫ ডিগ্ৰী অথবা তাতকৈ কম তাপমাত্ৰা থাকিব বুলি ঘোষণা কৰিছে।

মঙলবাৰে নূন্যতম তাপমাত্ৰা ১০ ডিগ্ৰী চেলচিয়াছলৈ হ্ৰাস পাইছিল আৰু এয়া এই বৰ্ষৰ আটাইতকৈ কম তাপমাত্ৰা। ওলহ'জীত ১০.৯, ধৰ্মশালাত ১০.৬, হিমাচল প্ৰদেশৰ মণ্ডীত ১০.২ আৰু উত্তৰাখণ্ডৰ মৌচুৰীত ১০.৪ ডিগ্ৰীতকৈও কম তাপমাত্ৰা আছিল। বতৰ বিজ্ঞান বিভাগৰ পূৰ্বানুমান কেন্দ্ৰৰ প্ৰধান কুলদীপ শ্ৰীবাস্তৱে কয় যে, এনেধৰণৰ পৰিস্থিতি আগন্তুক ৪ দিন পৰ্যন্ত অব্য়াহত থকাৰ আশংকা কৰা হৈছে।

তেওঁ কয় যে, 'চলিত বৰ্ষৰ নৱেম্বৰ মাহটোত বিগত ৪-৫ বছৰৰ ভিতৰত শীতৰ প্ৰকোপ আটাইতকৈ বেছি বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।'সফদৰগঞ্জ পৰ্যবেক্ষণ কেন্দ্ৰই আশংকা কৰিছে যে, নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহত নূন্যতম ১৪.৮ ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰা থাকিব। বতৰ বিজ্ঞান বিভাগৰ জ্য়েষ্ঠ বৈজ্ঞানিকৰ মতে, নৱেম্বৰ মাহৰ শেষৰ সপ্তাহলৈকে দিল্লীৰ তাপমাত্ৰা অধিক নিম্নগামী হৈ একক সংখ্যাত পৰিলক্ষিত হোৱাৰ সম্ভাৱনা আছে। ঘন ডাৱৰে দিল্লীৰ আকাশ ছানি থকা বাবে তাপমাত্ৰা নিম্নগামী হৈছে বুলি প্ৰকাশ কৰিছে জ্যেষ্ঠ বৈজ্ঞানিকগৰাকীয়ে। তেওঁ কয় যে, 'যোৱা ৩-৪ দিনত হিমাচল প্ৰদেশৰ উচ্চ স্থানত বৰফ পৰিছে। সেয়ে, এই অঞ্চলসমূহৰ ঠাণ্ডা বতাহে দিল্লীৰ জলবায়ুকো প্ৰভাৱিত কৰা আৰম্ভ কৰিছে।'

লগতে পঢ়ক:বিনেশ কোডিয়াৰীৰ তিৰুৱন্তপুৰমত থকা বাসগৃহত তালাচী তদন্তকাৰী বিষয়াৰ

ABOUT THE AUTHOR

...view details