অসম

assam

ETV Bharat / bharat

ধ্বংসাত্মক ৰূপত আহি আছে ফেনী

ফেনী ধুমুহাৰ ভয়াবহতাৰ কবলত ওড়িশা পশ্চিম বংগ,অন্ধ্ৰপ্ৰদেশ তামিলনাডু আৰু কেৰালা৷

By

Published : May 1, 2019, 9:34 PM IST

ধ্বংসাত্মক ৰূপত আহি আছে ফেনী

নিউজ ডেস্ক, 1 মে' : ওড়িশাত ফেনীৰ ভয়াবহতা৷ ঘণ্টাত 175 কি.মি গতিবেগেৰে ওড়িশাত প্ৰৱেশ কৰিব ফেনী ধুমুহা৷ ওড়িশাৰ লগতে পশ্চিম বংগ,অন্ধ্ৰপ্ৰদেশ, তামিলনাডু প্ৰভাৱ পৰিব ফেনী ধুমুহাৰ৷ শুকুৰবাৰে ওড়িশাত প্ৰৱেশ কৰিব ফেনীয়ে৷ বতৰ বিজ্ঞান কেন্দ্ৰই বুধবাৰে সদৰী কৰিছে এই তথ্য৷

ধ্বংসাত্মক ৰূপত আহি আছে ফেনী

ওড়িশাৰ উপকূল অঞ্চলৰ পৰা বলা ফেনী ধুমুহাৰ প্ৰভাৱত ৰাজ্যখনত শুকুৰবাৰৰে পৰা তীব্ৰ বৰষুণৰ আশংকা কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই৷ ফেনীৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য কৰি ওড়িশা প্ৰশাসনে বন্ধ ঘোষণা কৰিছে সকলো চৰকাৰী বিদ্যালয়-মহাবিদ্যালয়৷ ফেনীৰ প্ৰভাৱ পৰিবলগীয়া জিলাসমূহত বৃহস্পতিবাৰৰ পৰা শনিবাৰলৈ বন্ধ থাকিব বিদ্যালয়-মহাবিদ্যালয়সমূহ৷ ধুমুহাৰ প্ৰভাৱ পৰিবলগীয়া জিলাসমূহত ইতিমধ্যেই বাতিল কৰা হৈছে ৰে'ল-বিমান সেৱা৷ ধুমুহাৰ আশংকাত 74 খনকৈ ৰেল বাতিল কৰিলে পূব সীমান্ত ৰেলৱেয়ে৷ ফেনীৰ প্ৰভাৱ পৰিবলগীয়া 11 খনকৈ জিলাৰ বিভিন্ন জনসাধাৰণক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰিছে ওড়িশা চৰকাৰে৷ নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি ৰাজ্যখনত ইতিমধ্যে সমাপ্ত হোৱা নিৰ্বাচনৰ ইভিএম সমূহো সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰিছে ওড়িশা প্ৰশাসনে৷

ফেনীৰ বাবে এন ডি আৰ এফৰ বাহিনীয়ে হাইএলাৰ্ট জাৰি কৰিছে ওড়িশাত ওড়িশাৰ লগতে ফেনীৰ প্ৰভাৱ পৰিবলগীয়া ৰাজ্য পশ্চিমবংগ, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু আৰু কেৰালাত প্ৰশাসনে সাজু কৰি ৰাখিছে 47 টাকৈ বান নিয়ন্ত্ৰণ আৰু সাহায্য প্ৰদায়ী দল৷

ABOUT THE AUTHOR

...view details