নিউজ ডেস্ক, 19 ফেব্ৰুৱাৰী : জন্মু-কাশ্মীৰৰ পুলৱামাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ আৰত কেন্দ্ৰীয় চৰকাৰলৈ সন্দেহৰ আঙুলি পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ । সোমবাৰে কলিকতাত এখন সংবাদমেল সম্বোধন কৰি ঘটনাটোৰ সন্দৰ্ভত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক জগৰীয়া কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
সংবাদমেলযোগে তেওঁ অভিযোগ কৰে যে, লোকসভা নিৰ্বাচনৰ পূ্ৰ্বে বিজেপি আৰু আৰ এস এসে দেশত সাম্প্ৰাদিয় সম্প্ৰীতিক বিনষ্ট কৰিব বিছাৰিছে । সমাগত 2019 লোকসভা নিৰ্বাচন, এনে পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে পাকিস্তানৰ সৈতে যুদ্ধৰ অচিলাৰে দেশত এক যুদ্ধ কালীন পৰিৱেশৰ সূচনা কৰিব বিছাৰিছে । তেওঁ লগতে অভিযোগ কৰে যে, পুলৱামাত হোৱা সন্ত্ৰাসবাদ আক্ৰমণ সন্দৰ্ভত চৰকাৰৰ হাতত চোৰাংচোৱাৰ তথ্য আছিল । কিন্তু ইয়াৰ পাচতো চি আৰ পি এফৰ বাহনখনক কিয় সেই অঞ্চলৰ মাজেদি যাবলৈ দিয়াৰ অনুমতি প্ৰদান কৰা হ'ল ।