নিউজ ডেস্ক, 14 জুলাই: সোমবাৰে পুৱতি নিশা ইছৰোৰ শ্ৰীহৰিকোতাস্থিত স্পেচ পৰ্টৰপৰা উৎক্ষেপন কৰা হ'ব চন্দ্ৰযান 2 ৷ 44 মিটাৰ ওখ 640 টন ৰকেট GSLV MK-III(বাহুবলী)য়ে 3.8 টন ওজনৰ চন্দ্ৰয়ান 2 ক কঢ়িয়াই নিব ৷ 603 কোটি টকা ব্যয় সাপেক্ষে তৈয়াৰ কৰা ৰকেটটোৱে চন্দ্ৰযান 2 ক পৃথিৱীৰ কক্ষপথত নিক্ষেপ কৰিব ৷ তাৰ পৰা চন্দ্ৰযান 2 য়ে লেণ্ডাৰ বিক্ৰম আৰু প্ৰজ্ঞানক 3.844 লাখ কি:মি: যাত্ৰা কৰি চন্দ্ৰলৈ লৈ যাব ৷
চন্দ্ৰযান 2 অভিযান আৰু অফুৰন্ত সম্ভাৱনা - বিক্ৰম
চন্দ্ৰক অধিক সূক্ষ্ম ভাবে জানিবলৈ ভাৰতে উৎক্ষেপন কৰিব চন্দ্ৰযান 2 ৷ এই অভিযানত লাভ কৰা তথ্যসমূহে ভাৰতৰ লগতে সমগ্ৰ বিশ্বকে উপকৃত কৰিব ৷
কিহক বিষয়বস্তু হিচাপে লৈ উৎক্ষেপন কৰা হব চন্দ্ৰয়ান 2
চন্দ্ৰক অধিক সূক্ষ্ম ভাবে জানিবলৈ ভাৰতে উৎক্ষেপন কৰিব চন্দ্ৰযান 2 ৷ এই অভিযানত লাভ কৰা তথ্যসমূহে ভাৰতৰ লগতে সমগ্ৰ বিশ্বকে উপকৃত কৰিব ৷ চন্দ্ৰযান 2 য়ে চন্দ্ৰ গ্ৰহত:
- খনিজ পদাৰ্থ আৰু চন্দ্ৰত থকা hydroxyl আৰু water molecules উমান দিব
- চন্দ্ৰৰ উপৰি ভাগৰ অধ্যয়ন কৰিব
- চন্দ্ৰৰ ionosphere আয়ন’চফএয়াৰত ইলেক্ট্ৰণৰ ঘনত্বৰ অধ্যয়ণ
-
অৰ্বিটাৰে পৃথিৱী আৰু চন্দ্ৰযান 2ৰ Landerৰ মাজত চন্দ্ৰৰ উপৰি ভাগৰ মাজত ৰিলে সঞ্চাৰ কৰিব
-
চন্দ্ৰয়ান 2 Landerক চন্দ্ৰৰ উপৰি ভাগত soft landing কৰিবৰ বাবে design কৰা হৈছে