অসম

assam

By

Published : Jan 24, 2020, 3:51 PM IST

ETV Bharat / bharat

মাদিকেৰীত অসমীয়া শ্ৰমিকে দিব লাগিব নিৰ্দোষিতাৰ প্ৰমাণ

মাদিকেৰীত অসমীয়া শ্ৰমিকে দাখিল কৰিছে নথি-পত্ৰ ৷ কফি বাগানত কৰ্মৰত এইসকল শ্ৰমিক ৷

মাদিকেৰীত অসমীয়া শ্ৰমিকে দাখিল কৰিলে নথি-পত্ৰ
কফি বাগানত কৰ্মৰত শ্ৰমিক

নেশ্যনেল ডেস্ক, 24 জানুৱাৰী : কৰ্ণাটকৰ কদাগো আৰক্ষীয়ে মাদিকেৰীত থকা অসমীয়া শ্ৰমিকৰ পৰা বিচাৰিছে নথি-পত্ৰ ৷ কদাগোৰ বিভিন্ন অঞ্চলত থকা অসমৰ শ্ৰমিকসকলে আদালতত উপস্থিত হৈ আৰক্ষীক দাখিল কৰে নথি-পত্ৰ ৷ ইয়াৰে বেছি সংখ্যক শ্ৰমিক কফি বাগানত কৰ্মৰত ৷ উল্লেখ্য যে,নথি-পত্ৰ দাখিল কৰিবৰ বাবে শ্ৰমিকসকলক নিজ নিজ বাগান কৰ্তৃপক্ষই ছুটী মাৰ্জনা কৰে ৷

মাদিকেৰীত অসমীয়া শ্ৰমিকে দাখিল কৰিলে নথি-পত্ৰ

উল্লেখ্য যে, কিছুদিনৰ পূৰ্বে মাংগালোৰত গুলীয়াগুলিৰ ঘটনা সংঘটিত হৈছিল আৰু আৰক্ষী বিভাগে লাভ কৰা তথ্য অনুসৰি, বিৰাজপেটেত কিছু উগ্ৰপন্থীয়ে ধংসকাৰ্যত লিপ্ত হৈছিল ৷ সাৱধানতাৰ উপায় (Precautionary Measure) হিচাপে গৃহ মন্ত্ৰণালয়ে কদাগোত কৰ্মৰত অসমীয়া শ্ৰমিকসকলক নথি-পত্ৰৰ সত্যাসত্য নিৰূপণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ এই ক্ষেত্ৰত কদাগোৰ বিধায়ক কে. জি. বোপায়াই কফি বাগান কৰ্তৃপক্ষকো সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনায় ৷

আৰু পঢ়ক : পুনৰ 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ অখিল গগৈ

ABOUT THE AUTHOR

...view details