অসম

assam

ETV Bharat / bharat

টিকটত মোদীৰ ফ'টো ব্যৱহাৰৰ কৰি চাকৰিৰ পৰা বৰ্খাস্ত 4 ৰে'লৱে কৰ্মচাৰী - ৰে'লৱে কৰ্মচাৰী বৰ্খাস্ত

সোমবাৰে উত্তৰ প্ৰদেশৰ বাৰাবাংকী ৰে'ল ষ্টেচনত ৰে'লৱে কৰ্মচাৰীয়ে প্ৰধানমন্ত্ৰী মোদী ফ'টো লগাই টিকট বিক্ৰী কৰাৰ ঘটনা পোহৰলৈ আহে ৷ মহম্মদ শ্বকবৰ নামৰ এগৰাকী ব্যক্তিয়ে বাৰানসী যোৱাৰ টিকট ক্ৰয় কৰি টিকটত মোদীৰ ফ'টো প্ৰত্যক্ষ কৰে ৷ লোকজনে বিষয়টো নিৰ্বাচনী আয়োগৰ দৃষ্টিগোচৰ কৰাত লগতে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ বাবে ৰে'লৱে কতৃপক্ষৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে৷

মোদীৰ ফ'টো ব্যৱহাৰৰ ফলত চাকৰিৰ পৰা বৰ্খাস্ত 4 ৰে'লৱে কৰ্মচাৰী

By

Published : Apr 17, 2019, 7:33 AM IST


নিউজ ডেস্ক, 16 এপ্ৰিলঃ লোকসভা নিৰ্বাচনৰ শাসনভাৰৰ বাবে কোনোৱে যদি নৃত্য কৰিছে কোনোৱে আকৌ বিৰোধীক কটুবাক্য শুনাইছে৷ মুঠতে প্ৰাৰ্থীয়ে হওঁক বা সমৰ্থকে হওঁক উপৰ্যুপৰি চেষ্টা শাসণভাৰ লোৱাৰ৷

মোদীৰ ফ'টো ব্যৱহাৰৰ ফলত চাকৰিৰ পৰা বৰ্খাস্ত 4 ৰে'লৱে কৰ্মচাৰী

তেনে এক চেষ্টাৰ ফলত মঙলবাৰে চাকৰিৰ পৰা বৰ্খাস্ত হ'বলগীয়া হ'ল উত্তৰ প্ৰদেশৰ 4 গৰাকী ৰে'লৱে কৰ্মচাৰী৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে সোমবাৰে উত্তৰ প্ৰদেশৰ বাৰাবাংকী ৰে'ল ষ্টেচনত ৰে'লৱে কৰ্মচাৰীয়ে প্ৰধানমন্ত্ৰী মোদী ফ'টো লগাই টিকেট বিক্ৰী কৰাৰ ঘটনা পোহৰলৈ আহে৷ মহম্মদ শ্বকবৰ নামৰ এগৰাকী ব্যক্তিয়ে বাৰানসী যোৱাৰ টিকেট ক্ৰয় কৰি টিকেটত মোদীৰ ফ'টো প্ৰত্যক্ষ কৰে৷ফলত নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ বাবে ব্যক্তিজনে ৰে'লৱে কতৃপক্ষৰ ওপৰত গোচৰ ৰুজো কৰে৷

উক্ত গোচৰৰ ভিত্তিত ৰে'লৱেৰ মুখ্য আৰক্ষণ পৰ্যবেক্ষক, এজন বাণিজ্যিক পৰিদৰ্শকৰ লগতে দুজন তৃতীয় বৰ্গৰ কৰ্মচাৰীক বৰ্খাস্ত কৰে৷ উল্লেখ্য যে নিৰ্বাচনী আয়োগৰ পুৰণি নিয়ম অনুসৰি এনে ধৰণৰ ফ'টো ব্যৱহাৰ কৰাটো দোষণীয় নহয় সেয়ে ভূলবশত টিকেটত প্ৰধানমন্ত্ৰীৰ ফ'টো ব্যৱহাৰ হোৱা বুলি মহকুমাধিপতি সন্দিপ গুপ্তাই জানিবলৈ দিয়ে৷

ABOUT THE AUTHOR

...view details