নতুন দিল্লী,20 জুলাই : দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিতৰ দেহাৱসানৰ পাচতেই দেশৰ বিভিন্ন জনে টুইটাৰযোগে শ্ৰদ্ধাঞ্জলি জনায় বিভিন্নজনে ৷
কংগ্ৰেছ নেত্ৰীগৰাকীৰ মৃত্যুত শোকপ্ৰকাশ কৰিলে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৷
শীলা দীক্ষিতৰ মৃত্যুৰ পাচতেই প্ৰধানমন্ত্ৰী মোদীৰ শোক প্ৰকাশ ৷ এক টুইটযোগে দিল্লীৰ উন্নয়নৰ ক্ষেত্ৰত তেখেতে অনবদ্য বৰঙণি আগবঢ়োৱা বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ লগতে তেখেতৰ পৰিয়ালবৰ্গলৈও সমবেদনা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷
শীলা দীক্ষিতৰ তাৎক্ষণিক মৃত্যুত শোক প্ৰকাশ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ৷ দিল্লীৰ উন্নয়নৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা অতুলনীয় আৰু স্মৰণীয় হৈ ৰ'ব বুলি মন্তব্য কৰাৰ লগতে পৰিয়াবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
শীলা দীক্ষিতৰ মৃত্যুত শোকপ্ৰকাশ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ টুইটযোগে পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰিলে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
শীলা দীক্ষিতৰ মৃত্যুত কৰিলে ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধীৰো শোকপ্ৰকাশ ৷