অসম

assam

ETV Bharat / bharat

হায়দৰাবাদত অসম পৰ্যটন বিভাগৰ ৰ'ড শ্ব'

পৰ্যটকক আকৰ্ষিত কৰিবলৈ অসম পৰ্যটন বিভাগৰ বিশেষ প্ৰচেষ্টা ৷ অসমৰ কলা-সংস্কৃতি,বৈচিত্ৰতা দাঙি ধৰি দেশৰ বিভিন্ন ঠাইত ৰ'ড শ্ব'ৰ আয়োজন কৰিছে অসম পৰ্যটন বিভাগে ৷

By

Published : Jan 30, 2020, 6:06 PM IST

ASSAM TOURIST DEPARTMENT ROAD SHOW
হায়দৰাবাদত অসম পৰ্যটন বিভাগৰ ৰ'ড শ্ব'

হায়দৰাবাদ, 30 জানুৱাৰীঃপ্ৰকৃতিৰ ৰম্যভূমি অসম ৷ অসমৰ বৈচিত্ৰতা, কলা-সংস্কৃতিয়ে আকৰ্ষণ কৰে পৰ্যটকসকলক ৷ অসম পৰ্যটন বিভাগে অসমৰ পৰ্যটন ক্ষেত্ৰৰ উন্নতি তথা আৰু অধিক মানুহৰ ওচৰত অসমৰ পৰ্যটন ক্ষেত্ৰক চিনাকী কৰাই দিয়াৰ উদ্দেশ্যে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ ৷ অসমৰ কলা-সংস্কৃতি, বৈচিত্ৰতা দাঙি ধৰি দেশৰ বিভিন্ন ঠাইত আয়োজন কৰিছে এই ৰ'ড শ্ব' ৷

শেহতীয়াকৈ এই পদক্ষেপৰ অংশ ৰূপে ৰ'ড শ্ব' আয়োজন কৰা হৈছে হায়দৰাবাদৰ জুবলীহিল্চত ৷ ৰ'ড শ্ব'ৰ কাৰ্যসূচী হিচাপে অসমৰ প্ৰসিদ্ধ তীৰ্থস্থান, উদ্যান, নদ-নদী, নিজৰা সম্বন্ধে সম্যক আভাস দিয়াৰ প্ৰয়াস কৰা হৈছে ৷ প্ৰাচীন স্মাৰক, চাহ বাগান, বহ্মপুত্ৰ নদী, সেউজীয়া ধৰণীৰ সুন্দৰ ঠাইসমূহৰ সৌন্দৰ্যৰ আভাস দিয়াৰ চেষ্টা কৰিছে ৰ'ড শ্ব'টোৰ জৰিয়তে ৷

হায়দৰাবাদত অসম পৰ্যটন বিভাগৰ ৰ'ড শ্ব'

কেৱল সেয়াই নহয় এই ৰ'ড শ্ব'টোৰ জৰিয়তে অসমৰ প্ৰসিদ্ধ কলা-কুশলীৰ দ্বাৰা অসমৰ বিভিন্ন কলা-সংস্কৃতি প্ৰদৰ্শন কৰি পৰ্যটকক আকৰ্ষণ কৰাৰ এক বিশেষ প্ৰয়াস কৰা হৈছে ৷

লগতে পঢ়কঃআমেৰিকাত উজলিল 'পাখি লগা মন' চুটি ছবি

ABOUT THE AUTHOR

...view details