নিউজ ডেস্ক , ২১ জানুৱাৰী :মিজোৰামৰ ৰাজধানী আইজলত এক বিশেষ পদক্ষেপ অসম ৰাইফছৰ । চহৰ খন পৰিষ্কাৰ কৰি ৰখাৰ উদ্দেশ্য়ে বৃহস্পতিবাৰে অসম ৰাইফলছৰ ৪৬ বেটেলিয়েনৰ জোৱানসকলে এক স্বচ্ছ অভিযানৰ কাৰ্যসূচী ৰূপায়ণ কৰে । স্থানীয় বাসিন্দাৰ মাজত সজাগতা বৃদ্ধিৰ বাবে চিটী চেন্টাৰত আয়োজন কৰা হয় এই কাৰ্যসূচীৰ ।
আইজলত অসম ৰাইফলছৰ স্বচ্ছ অভিযান - স্বেচ্ছা সেৱী সংস্থা
আইজল চহৰ পৰিষ্কাৰ কৰাৰ বাবে অসম ৰাইফলছৰ বিশেষ চাফাই অভিযান। 'ক্লীন আইজল'ৰ সহযোগত অসম ৰাইফলছৰ জোৱান সকলে পৰিষ্কাৰ কৰে ভি থাঙ্গা পথ আৰু নলা-নৰ্দমা ।
আইজলত অসম ৰাইফলছৰ স্বচ্ছ অভিযান
ৰাজ্য়খন লগতে চহৰখন যাতে দেশৰ ভিতৰতে পৰিষ্কাৰ হিচাপে স্থান লাভ কৰিবলৈ সক্ষম হয় তাৰ বাবে সকলোকে নিজৰ অঞ্চলসমূহ পৰিষ্কাৰ কৰি ৰাখিবলৈ আহ্বান জনাই জোৱানসকলে । অসম ৰাইফলছৰ এই অভিযানত সহযোগিতা আগবঢ়াই 'ক্লীন আইজল' নামৰ এটা স্বেচ্ছা সেৱী সংস্থাই । অসম ৰাইফলছ আৰু স্বেচ্ছাসেৱী সংস্থাটোৰ বিষয় ববীয়া সকলে চহৰখনৰ ভি থাঙ্গা পথটো পৰিষ্কাৰ কৰে লগতে পকী বেৰবোৰ আৰু নলাবোৰো চাফ-চিকুণ কৰে ।
লগতে পঢ়ক :পঞ্জাৱৰ অমৃতসৰত ৫.২ কেজি হিৰ'ইন আৰু এ কে-৪৭ ৰাইফল জব্দ