অসম

assam

By

Published : Jan 20, 2021, 8:56 PM IST

ETV Bharat / bharat

আইজলত আছাম ৰাইফলছৰ স্বচ্ছতা অভিযান

বুধবাৰে আইজলত চাফাই অভিযান চলালে আছাম ৰাইফলছৰ ৪৬নং বেটেলিয়ন আৰু একাংশ স্বেচ্ছাসেৱকে । ভি থাংগা পথত থকা সকলো আৱৰ্জনা চাফা কৰে ।

আইজলত আছাম ৰাইফলছৰ স্বচ্ছতা অভিযান
আইজলত আছাম ৰাইফলছৰ স্বচ্ছতা অভিযান

নেশ্যনেল ডেস্ক, ২০ জানুৱাৰী: আইজল চহৰখন পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিবলৈ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যৰে বুধবাৰে চহৰখনত স্বচ্ছতা অভিযান চলায় আছাম ৰাইফলছৰ ৪৬নং বেটেলিয়নৰ জোৱানসকলে । এই চাফাই অভিযানত স্বেচ্ছাসেৱী সংগঠন 'ক্লীন আইজল'ৰ একাংশ স্বেচ্ছাসেৱকেও জোৱানসকলক সহযোগিতা আগবঢ়ায় ।

আইজলত আছাম ৰাইফলছৰ স্বচ্ছতা অভিযান

আইজলক দেশৰ ভিতৰতে স্বচ্ছ চহৰ হিচাপে গঢ়ি তোলাৰ বাবে ৰাইজক একত্ৰিত হৈ প্ৰয়াস কৰিবলৈ আহ্বান জনায় জোৱানসকলে । আছাম ৰাইফলছৰ জোৱান আৰু স্বেচ্ছাসেৱকসকলে ভি থাংগা পথত থকা সকলো আৱৰ্জনা আঁতৰ কৰাৰ লগতে দেৱাল আৰু নৰ্দমাবোৰ আৱৰি থকা জংঘল চাফা কৰে । চহৰখনত এক সুস্থ, পৰিষ্কাৰ পৰিৱেশ গঢ়ি তোলাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰে আছাম ৰাইফলছৰ ৪৬নং বেটেলিয়ন আৰু 'ক্লীন আইজলে' ।

লগতে পঢ়ক:দিল্লী সংঘৰ্ষ : দুই অভিযুক্তৰ জামিন মঞ্জুৰ

ABOUT THE AUTHOR

...view details