নিউজ ডেস্ক,21 আগষ্টঃঅসমত বৃহস্পতিবাৰৰ দিনটোত 1,735 গৰাকী ব্যক্তিৰ দেহত ধৰা পৰে মহামাৰী কৰ'ণাৰ অৱস্থিতি ৷ ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰে এই কথা ৷ যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত 86,052 গৰাকীলৈ বৃদ্ধি পাই কৰ'ণা আক্ৰান্তৰ সংখ্যা ৷ আনহাতে, অসমত বৰ্তমান পৰ্যন্ত কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে 221 গৰাকী ব্যক্তি ৷ ইয়াৰ উপৰিও বৃহস্পতিবাৰে কৰ'ণাৰ পৰা আৰোগ্য হৈ উঠিছে 2,772 গৰাকী ব্যক্তি ৷ বৃহস্পতিবাৰে এই মাৰাত্মক ভাইৰাছত আক্ৰান্ত হৈ কামৰূপ গ্ৰাম্য আৰু ডিব্ৰুগড়ৰ দুজনকৈ ব্যক্তিৰ মৃত্যু হোৱাৰ উপৰিও বৰপেটা, কৰিমগঞ্জ, কাৰ্বি আংলং আৰু ধুবুৰীৰ এজনৈ ব্যক্তি কৰ'ণা আক্ৰান্ত হৈ মৃত্যু হয় ৷
আনহাতে, কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে কয় যে, "বহুত দুখৰ কথা যে ৰাজ্যখনত বৃহস্পতিবাৰৰ দিনটোত কৰ'ণা আক্ৰান্ত হৈ 8 গৰাকী ব্যক্তিৰ মৃত্যু হৈছে ৷ মৃত ব্যক্তিৰ পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলো ৷ আপোনালকৰ এই দুখৰ সময়ত আমি আপোনালকৰ ওচৰত আছো ৷"