অসম

assam

ETV Bharat / bharat

খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্ধাৰণৰ বাবে ভিত্তিবৰ্ষ হ’ব 1951 চন - গৃহ মন্ত্ৰালয়ে গঠন কৰি দিয়া উচ্চস্তৰীয় সমিতি

The committee, according to the sources, unanimously recommended that those who were residents of Assam in 1951 and their descendants, irrespective of community, caste, language, religion or heritage, will be considered as indigenous people of the state.

Assam recommends 1951 as cut-off year to define indigenous people
খিলঞ্জীয়া নিৰ্ধাৰণৰ বাবে ভিত্তিবৰ্ষ হ’ব 1951 চন

By

Published : Feb 17, 2020, 6:37 PM IST

Updated : Feb 17, 2020, 10:29 PM IST

18:07 February 17

অসমত আন্তঃৰাজ্যিক পাৰপত্ৰৰ ব্যৱস্থা কৰা হ’ব

নেশ্যনেল ডেস্ক, 17 ফেব্ৰুৱাৰীঃ দেশৰ গৃহ মন্ত্ৰালয়ে অসমৰ খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্ধাৰণৰ ভিত্তিবৰ্ষ তথা অসমত আন্তঃৰাজ্যিক পাৰপত্ৰৰ বিষয় সন্দৰ্ভত বিতংভাৱে আলোচনা তথা সমাধানৰ বাট মুকলি কৰাৰ বাবে 13 জনীয়া সমিতি এখন গঠন কৰিছিল ৷ প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত এই সমিতিখন গঠন কৰা হৈছিল ৷  

সোমবাৰে এই সমিতিখনে খিলঞ্জীয়া অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণৰ বাবে ভিত্তিবৰ্ষ 1951 চন হ’ব লাগে বুলি মতামত ব্যক্ত কৰে ৷ ইয়াৰোপৰি অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ সম্পৰ্কেও পোষকতা কৰে ৷  

এই সমিতিখনে অসমৰ এই সমিতিখনে অসম বিধানসভা আৰু লোকসভাত খিলঞ্জীয়াৰ আসন সংৰক্ষণৰ বাবে দুটা পদ্ধতিৰ বিষয়ে পোষকতা কৰে ৷  

অসমৰ খিলঞ্জীয়া লোকসকলৰ সাংবিধানিক ৰক্ষা কৱচৰ বাবে এই উচ্চস্তৰীয় সমিতিখনে এই দুই পদ্ধতিৰ বিষয়ে উল্লেখ কৰে ৷ এই সম্পৰ্কত 67% আসন সংৰক্ষণৰ কথা উল্লেখ কৰে ৷  

এই 13 জনীয়া সমিতিখনৰ মুখ্য প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাই যোৱা সপ্তাহত এই সম্পৰ্কীয় সকলো প্ৰতিবেদন প্ৰস্তুত কৰিছে আৰু অহা সপ্তাহত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহক প্ৰদান কৰিব বুলি বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে ৷  

1873ৰ বেংগল ইষ্টাৰ্ণ ফ্ৰন্টিয়াৰ ৰেগুলেচন অনুসৰি অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মিজোৰামত আন্তঃৰাজ্যিক পাৰপত্ৰ কাৰ্যকাৰী কৰা হৈছিল ৷ নাগৰিকত্ব সংশোধনী আইন 2019 অহাৰ পিছত মণিপুৰতো ইয়াক কাৰ্যকাৰী কৰা হয় ৷  

আনহাতে 1985 চনৰ অসম চুক্তিৰ 6নং দফা অনুসৰি এই সমিতিখন 2019 চনৰ জুলাইত গঠিত কৰা হৈছিল৷ এই সমিতিখনে সাংবিধানিক, সংসদীয় তথা প্ৰশাসনিক দিশত খিলঞ্জীয়াৰ সাংস্কৃতিক, সামাজিক, ভাষিক পৰিচয়ৰ ৰক্ষাকৱচৰ পোষকতা কৰে ৷  

7 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমৰ এক জনসভাত অংশগ্ৰহণ কৰি এই উচ্চস্তৰীয় সমিতিখনে 6নং দফা কাৰ্যকাৰী কৰাৰ ক্ষেত্ৰত প্ৰতিবেদন দাখিল কৰাৰ কথা ঘোষণা কৰিছিল ৷

আনহাতে গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যসভাত ‘কা’ সন্দৰ্ভত চলা তৰ্কৰ সময়ত কৈছিল যে ‘ অসম চুক্তিৰ 6নং দফা অনুসৰি অসমৰ খিলঞ্জীয়াৰ সাংস্কৃতিক প্ৰভূত্ব তথা পৰিচয়ক সুৰক্ষা প্ৰদান কৰে’ ৷ কিন্তু 1985 চনৰ পৰা 2014 চনলৈ এই দফা কাৰ্যকাৰী কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহ’ল ৷

গৃহমন্ত্ৰীগৰাকীয়ে এনডিএ চৰকাৰে এই 6নং দফা কাৰ্যকৰী কৰিব বুলিও আশ্বাস প্ৰদান কৰে ৷ লগতে কয় যে অসম চুক্তি স্বাক্ষৰ কৰা সদৌ অসম ছাত্ৰ সন্থাও এই সমিতিৰ অংশীদাৰ বুলি উল্লেখ কৰে ৷  

অসম চুক্তি অনুসৰি বিদেশী বিতাড়নৰ ভিত্তিবৰ্য 1971 চন বুলি নিৰ্ধাৰণ কৰা হৈছিল ৷ কিন্তু নাগৰিকত্ব সংশোধনী আইনে অসম চুক্তিক উলংঘন কৰিব বুলিও অসমৰ প্ৰতিবাদকাৰীয়ে উল্লেখ কৰে ৷ দেশত চলি থকা নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আন্দোলন অসমৰ পৰাই সূচনা হৈছিল ৷ এই আইনৰ বিৰুদ্ধে প্ৰতিবাদ অসমকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশতো ইয়াৰ ক্ষোভ বহিৰ্ভুত হয় ৷  

আৰু পঢ়কঃকেজৰিৱালৰ শপত গ্ৰহণ অনুষ্ঠানঃ আমন্ত্ৰিত অতিথিৰ তালিকাত শিক্ষক, স্থাপত্যবিদ, বাছ

Last Updated : Feb 17, 2020, 10:29 PM IST

ABOUT THE AUTHOR

...view details