দিল্লী,1 জুলাইঃ নীতি আয়োগৰ শেহতীয়া এক ৰি'পৰ্টে উদঙাইছে ৰাজ্যৰ উন্নয়নৰ ফোপোলাস্বৰুপ ৷ শক্তি,স্বাস্থ্য আৰু উদ্যোগীকৰণত অসমৰ প্ৰদৰ্শন শোচনীয় ৷ নীতি আয়োগৰ উন্নয়নৰ তালিকাত সৰ্বমুঠ 29 খন ৰাজ্যৰ ভিতৰত অসমৰ স্থান 27 ৷
নীতি আয়োগৰ তালিকাত অসমৰ স্থান 27 - etv bharat
শক্তি,স্বাস্থ্য আৰু উদ্যোগীকৰণত অসমৰ প্ৰদৰ্শন শোচনীয়
![নীতি আয়োগৰ তালিকাত অসমৰ স্থান 27](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3711986-thumbnail-3x2-aa.jpg)
নীতি আয়োগৰ তালিকাত অসমৰ স্থান 27
নীতি আয়োগৰ এছ ডিজিৰ তালিকা অনুসৰি,তালিকাৰ শীৰ্ষত হিমাচল প্ৰদেশ থকাৰ বিপৰীতে দ্বিতীয় আৰু তৃতীয় স্থানত আছে কেৰালা আৰু তামিলনাডু। স্বাস্থ্য,দৰিদ্ৰতা,শক্তি,শিক্ষা, লিংগবৈষম্য,অনাময় ব্যৱস্থা,পানী যোগান,অৰ্থনীতি বিকাশ আদি বিষয়ক লক্ষ্য হিচাপে লৈ প্ৰস্তুত কৰা হৈছে এই তালিকা ৷ আনহাতে, এই তালিকাত কিন্তু বিহাৰ আৰু উত্তৰ প্ৰদেশতকৈ ওপৰত আছে অসম ৷
Last Updated : Jul 1, 2019, 7:38 PM IST