অসম

assam

অফিচিয়েল ৱেবচাইটৰ পৰা অফলাইন হ’ল অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ তথ্য

By

Published : Feb 12, 2020, 12:24 PM IST

‘ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সকলোবোৰ তথ্য সুৰক্ষিতভাৱে মজুত আছে ৷ কিন্তু কিছু কাৰিকৰী বিজুতিৰ ফলতহে এনে ঘটনা সংঘটিত হৈছে ৷ ইয়াক অতি শীঘ্ৰেই সমাধা কৰা হ’ব বুলি উল্লেখ কৰে গৃহমন্ত্ৰালয়ে ৷

Assam NRC Data goes offline from official website
অফিচিয়েল ৱেবচাইটৰ পৰা অফলাইন হ’ল অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ তথ্য

নেশ্যনেল ডেস্ক, 12 ফেব্ৰুৱাৰীঃ কাৰিকৰী বিজুতিৰ ফলত অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ তথ্যসমূহ অফিচিয়েল ৱেবচাইটৰ পৰা অফলাইন হৈ পৰে ৷ বুধবাৰে গৃহমন্ত্ৰালয়ে এই সন্দৰ্ভত অতি শীঘ্ৰেই বিষয়টো পুনৰ সমাধান কৰা হ’ব বুলি উল্লেখ কৰে ৷

গৃহমন্ত্ৰালয়ৰ ফালৰ পৰা উল্লেখ কৰে যে ‘ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সকলোবোৰ তথ্য সুৰক্ষিতভাৱে মজুত আছে ৷ কিন্তু কিছু কাৰিকৰী বিজুতিৰ ফলতহে এনে ঘটনা সংঘটিত হৈছে ৷ ইয়াক অতি শীঘ্ৰেই সমাধা কৰা হ’ব ৷

উল্লেখ্য যে অসমত থকা বিদেশী অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰাৰ বাবে অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল ৷ আনহাতে বহু প্ৰতিক্ষাৰ অন্তত 31 আগষ্ট 2019 চনত প্ৰকাশ পাইছিল চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী ৷ ইয়াৰ পৰা সৰ্বমুঠ 19,06,657 গৰাকী লোকৰ নাম বাদ পৰিছিল ৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সকলোবোৰ তথ্য ইয়াৰ অফিচিয়েল ৱেবচাইট www.nrcassam.nic.in ত উপলব্ধ ৷

আৰু পঢ়কঃওড়িশাৰ বিধায়কে সাঙীত তুলি নিলে গৰ্ভৱতী মহিলাক

ABOUT THE AUTHOR

...view details