নিউজ ডেস্ক, 25 মাৰ্চঃ আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰকাশকৰা প্ৰথমখন তালিকাত184 জন প্ৰাৰ্থীৰ লগত 29 নম্বৰত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ নাম উল্লেখ থাকে যদিও মন্ত্ৰীগৰাকীৰ নামৰ লগত পাৰ্চী শব্দটো সংযুক্ত হোৱা দেখা গ'ল ৷
স্মৃতি ইৰাণী পাৰ্চী হ'ল কেনেকৈ? - স্মৃতি ইৰাণী পাৰচী
প্ৰকাশিত তালিকাখনৰ আন কোনো প্ৰাৰ্থীৰ লগত তেওঁলোকৰ ধৰ্মসমূহ উল্লেখ কৰা হোৱা নাছিল ৷ তেনেস্থলত কেৱল এগৰাকী প্ৰাৰ্থীৰ লগত এনে হোৱা বাবে ভিন্নজনে বিভিন্ন মত প্ৰকাশ কৰিছে ৷
বিজেপিৰ তালিকাত মন্ত্ৰী স্মৃতি ইৰাণীৰ নামত সংলগ্ন "স্মৃতি ইৰাণী পাৰচী"
অৱশ্যে পৰৱৰ্তীসময়ত ভাৰতীয় জনতা পাৰ্টীৰ ৱেবচাইটত প্ৰকাশ কৰা তালিকাখনৰ পৰা পাৰ্চী শব্দটো উঠাই দিয়ে ৷ প্ৰকাশিত তালিকাখনৰ আনকোনো প্ৰাৰ্থীৰ লগত তেওঁলোকৰ ধৰ্মসমূহ উল্লেখ কৰা হোৱা নাছিল ৷ তেনেস্থলত কেৱল এগৰাকী প্ৰাৰ্থীৰ লগত এনে হোৱা বাবে ভিন্নজনে বিভিন্ন মত প্ৰকাশ কৰিছে ৷