বিদেশ ভ্ৰমণৰ পৰা বঞ্চিত নৰেশ গোয়েল আৰু অনিতা গোয়েল
শনিবাৰে ডুবাই ভ্ৰমণৰ বাবে মুম্বাই বিমান বন্দৰত উপস্থিত হোৱা সময়তে ইমিগ্রেশন কর্তৃপক্ষই বাধা প্ৰদান কৰে চেয়াৰমেন আৰু তেওঁৰ পত্নী অনিতা গোয়েলক ৷
নিউজ ডেস্ক, 26 মেঃ বিদেশ ভ্ৰমণৰ পৰা বঞ্চিত জেট এয়াৰৱেজৰ পূৰ্বৰ চেয়াৰমেন নৰেশ গোয়েল আৰু তেওঁৰ পত্নী অনিতা গোয়েল ৷ শনিবাৰে ডুবাই ভ্ৰমণৰ বাবে মুম্বাই বিমান বন্দৰত উপস্থিত হোৱা সময়তে ইমিগ্রেশন কর্তৃপক্ষ বাধা প্ৰদান কৰে চেয়াৰমেন আৰু তেওঁৰ পত্নী অনিতা গোয়েলক ৷
তথ্য অনুসৰি বিগত কেইবাটাও মাহৰ পৰা জেট এয়াৰৱেজৰ কৰ্মচাৰীসকলক দৰমহা প্ৰদান কৰা নাছিল উৰ্ধতম কৰ্তৃপক্ষই ৷ ফলত বিগত মাহত জেট এয়াৰৱেজৰ কৰ্মচাৰী সংস্থাৰ সভাপতি কিৰণ পাস্কৰে নৰেশ গোয়েল আৰু জেট এয়াৰৱেজৰ জ্যেষ্ঠ সদস্যসকলৰ পাছপৰ্টসমূহ বাতিল কৰিবলৈ মুম্বাই আৰক্ষী আয়ুক্তলৈ এখন পত্ৰ প্ৰেৰণ কৰে ৷